২৫ বিত্তীয় বৰ্ষত ২২.০৮ লাখ কোটি টকা মুঠ জিএছটি সংগ্ৰহ

২৫ বিত্তীয় বৰ্ষত মুঠ জিএছটি সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে ভাৰতে। বিগত ৫ বছৰত সংগ্ৰহ কৰা হৈছে দুগুণ জিএছটি! ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ জিএছটি সংগ্ৰহ হৈছে ২২.০৮ লাখ কোটি টকা, যি বিত্তীয় বৰ্ষ ২১ত ১১.৩৭ লাখ কোটি টকাৰ তুলনাত উল্লেখযোগ্য বৃদ্ধি

author-image
Asomiya Pratidin
New Update
web ap gst

ডিজিটেল ডেস্কঃ ২৫ বিত্তীয় বৰ্ষত মুঠ জিএছটি সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে ভাৰতে। বিগত ৫ বছৰত সংগ্ৰহ কৰা হৈছে দুগুণ জিএছটি! ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ জিএছটি সংগ্ৰহ হৈছে ২২.০৮ লাখ কোটি টকা, যি বিত্তীয় বৰ্ষ ২১ত ১১.৩৭ লাখ কোটি টকাৰ তুলনাত উল্লেখযোগ্য বৃদ্ধি দেখুৱাইছে। সোমবাৰে প্ৰকাশ পোৱা চৰকাৰী প্ৰতিবেদত প্ৰকাশ পাইছে এই তথ্য।

Advertisment

উল্লেখযোগ্য যে, ২৫ বিত্তীয় বৰ্ষত মাহিলী সংগ্ৰহৰ গড় ১.৮৪ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। ২৪ বিত্তীয় বৰ্ষত ইয়াৰ পৰিমাণ আছিল ১.৬৮ লাখ কোটি টকা। আনহাতে ২২ বিত্তীয় বৰ্ষত আছিল ১.৫১ লাখ কোটি টকা। ইফালে, জিএছটি ব্যৱস্থাৰ কৰদাতাৰ ভিত্তি যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। ২০১৭ চনত পঞ্জীয়নভুক্ত কৰদাতা ৬৫ লাখৰ পৰা আঠ বছৰৰ ভিতৰত ১.৫১ কোটিতকৈ অধিক বৃদ্ধি পাইছে।

আনহাতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত ২২.০৮ লাখ কোটি টকাৰ মুঠ সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ ফলত পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৯.৪ শতাংশ বৃদ্ধিৰ হাৰ প্ৰকাশ পাইছে। সামগ্ৰী আৰু সেৱা কৰ ৰূপায়ণৰ ফলত ৰাজহ শক্তিশালী বৃদ্ধি আৰু কৰ ভিত্তি সম্প্ৰসাৰিত হৈছে।

জিএছটিৰ আঠ বছৰ উপলক্ষে চৰকাৰী চৰকাৰী বিবৃতিত সদৰি কৰা অনুসৰি, "প্ৰণয়নৰ পিছৰে পৰা সামগ্ৰী আৰু সেৱা কৰ ৰাজহ সংগ্ৰহ আৰু কৰ ভিত্তি সম্প্ৰসাৰণৰ ক্ষেত্ৰত শক্তিশালী বৃদ্ধি দেখুৱাইছে। ই ভাৰতৰ বিত্তীয় স্থিতি ক্ৰমাগতভাৱে শক্তিশালী কৰি তুলিছে আৰু পৰোক্ষ কৰ অধিক কাৰ্যক্ষম আৰু স্বচ্ছ কৰি তুলিছে।"

জিএছটি