Advertisment

সৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহৰ সমীপত গ্ৰেনেড উদ্ধাৰ...

শ্ৰমিককেইজনে সন্দেহবশতঃ বস্তুটো প্ৰত্যক্ষ কৰাত গ্ৰেনেড বুলি জানিব পাৰে ৷ ঘটনা সংক্ৰান্তত ঘটনাস্থলীত উপস্থিত হৈ সৰুপথাৰ আৰক্ষীয়ে গ্ৰেনেড দুটা বোমা চেফটী ব্লেংকেটেৰে ঢাকি দিয়ে ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,সৰুপথাৰঃ  আগন্তুক ২৬ জানুৱাৰীৰ পূৰ্বে সৰুপথাৰ নগৰত নিৰ্মীয়মান বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহৰ কাষত দুটাকৈ গ্ৰেনেড উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখযগোয্য যে, বিধায়কগৰাকীৰ বাসগৃহৰ কাষতেই এটা পুৰণি ভড়ালগৃহ আছিল ৷ পৰিত্যক্ত অৱস্থাত সেই ভড়ালটো শ্ৰমিকে ভাঙি থাকোতে প্ৰত্যক্ষ কৰে গ্ৰেনেড দুটা ৷ 

Advertisment

শ্ৰমিককেইজনে সন্দেহবশতঃ বস্তুটো প্ৰত্যক্ষ কৰাত গ্ৰেনেড বুলি জানিব পাৰে ৷ ঘটনা সংক্ৰান্তত ঘটনাস্থলীত উপস্থিত হৈ সৰুপথাৰ আৰক্ষীয়ে গ্ৰেনেড দুটা বোমা চেফটী ব্লেংকেটেৰে ঢাকি দিয়ে ৷ উক্ত স্থানত কিদৰে গ্ৰেনেড দুটা উদ্ধাৰ হ'ল তাক লৈ এতিয়া সৰুপথাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ 

আনহাতে উক্ত চৌহদটো মৃদুল বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিৰ । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে ৰাজ্যৰ অন্য স্থানৰ লগতে সৰুপথাৰতো বোমা স্থাপন কৰাৰ কথা সংবাদমাধ্যমলৈ বিবৃতিযোগে প্ৰেৰণ কৰিছিল ৷ আনহাতে, এগৰাকী জনপ্ৰতিনিধিৰ নিৰ্মিয়মান বাসগৃহৰ কাষতে এনেদৰে গ্ৰেনেড উদ্ধাৰ হোৱা ঘটনাই সকলোকে আতংকিত কৰি তুলিছে ৷