/asomiyapratidin/media/media_files/2025/01/13/GAUEWrcxdPJkkJTHjtXn.jpg)
বায়ুমণ্ডলত কাৰ্বন হ্ৰাসৰ চেষ্টা
ডিজিটেল ডেস্ক : ভাৰতত দ্ৰুত হাৰত হ্ৰাস পাইছে সেউজগৃহ গেছৰ নিৰ্গমন। বৰ্তমানলৈকে সেউজগৃহ গেছৰ নিৰ্গমন ৭.৯৩ শতাংশ লৈ হ্ৰাস পাইছে। ২০২০ৰ জলবায়ু সন্দৰ্ভত প্ৰস্তুত কৰা এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।
উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত ভাৰতত জলবায়ু পৰিৱৰ্তন আৰু উষ্ণতা বৃদ্ধিয়ে জীৱকূলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আন্তৰ্জাতিক পৰ্যায়ৰ সন্মিলনতো ভাৰতৰ প্ৰতিনিধিয়ে জলবায়ু সম্পৰ্কত ৰাষ্ট্ৰীয় তথা আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত অংশ লৈছে। এই ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞ ব্যক্তিয়ে নিজ নিজ মত প্ৰকাশ কৰাৰ উপৰি কেতবোৰ দিহা –পৰামৰ্শ আগবঢ়াইছে।
তেওঁলোকে উল্লেখ কৰিছে যে যদিহে ভাৰতে গোলকীয় উষ্ণতা আৰু জলবায়ুৰ ভাৰসাম্য ৰক্ষা কৰিব বিচাৰে তেন্তে সঠিক পৰিকাঠামো প্ৰস্তুত কৰিব লাগিব। তাৰোপৰি জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতে দীৰ্ঘম্যাদী কম সেউজ গৃহ গেছ নিৰ্গমন উন্নয়ন কৌশল ৰচনা কৰিব লাগিব।
কেৱল ইমানেই নহয় কম কাৰ্বন ব্যৱহাৰ, বহনক্ষমতা, নগৰাঞ্চলত অট্টালিকা আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সচেতনতা, সেউজ পৰিৱেশ গঢ় দিয়াত অধিক গুৰুত্ব আৰোপ, গছ- গছনি ৰোপণ ইত্যাদি কেতবোৰ আৰ্থ- সামাজিক কামত মনোনিৱেশ কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ভাৰতে ২০২১ চনত অনুষ্ঠিত ২৬ সংখ্যক সন্মিলন চমুকৈ চি অ’ পি ২৬ত ২০৭০ চনৰ ভিতৰত নিকা আৰু শূন্য নিৰ্গমনৰ প্ৰতিশ্ৰুতি দিছিল। আৰু এই প্ৰতিশ্ৰুতি পালনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বহু পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে।