সেউজ জাহাজ পৰিবহণ সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাৰ মহাসচিব আর্জেনিঅ' ড'মিনগুয়েজৰ ভাৰত ভ্ৰমণ আৰু সেউজ জাহাজ পৰিবহণ সম্মিলন ২০২৫ৰ সফল আয়োজনে বিশ্বব্যাপী ভাৰতৰ সামুদ্রিক সহযোগিতা আৰু বহনক্ষম বিকাশ ত্বৰান্বিত কৰিব।

author-image
Asomiya Pratidin
New Update
সেউজ জাহাজ পৰিবহণ সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সেউজ জাহাজ পৰিবহণ সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিজিটেল সংবাদ, মুম্বাই : আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাৰ মহাসচিব আর্জেনিঅ' ড'মিনগুয়েজৰ ভাৰত ভ্ৰমণ আৰু সেউজ জাহাজ পৰিবহণ সম্মিলন ২০২৫ৰ সফল আয়োজনে বিশ্বব্যাপী ভাৰতৰ সামুদ্রিক সহযোগিতা আৰু বহনক্ষম বিকাশ ত্বৰান্বিত কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল তথা উক্ত মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰৰ উপস্থিতিত বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাৰ মহাসচিবে বিশ্বব্যাপী সামুদ্রিক স্থিৰতা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ শলাগ লয়। 

Advertisment
সেউজ জাহাজ পৰিবহণ সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
সেউজ জাহাজ পৰিবহণ সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

 

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ অধীনস্থ জাহাজ পৰিবহণ সঞ্চালকালয় আৰু ইনষ্টিটিউট অৱ মেৰিন ইঞ্জিনীয়াৰছৰ মুম্বাই শাখাৰ সহযোগত আয়োজিত এই গুৰুত্বপূর্ণ অনুষ্ঠানে সামুদ্রিক উদ্ভাৱন, পাৰিপাৰ্শ্বিক স্থিৰতা আৰু নিয়মাৱলী অনুযায়ী উন্নতিৰ ক্ষেত্ৰত ভাৰতৰ সবল ভূমিকাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে৷ ভাৰতৰ কাৰ্বনমুক্তকৰণ প্ৰচেষ্টাৰো শলাগ লয় মহাসচিবগৰাকীয়ে। 

উল্লেখযোগ্য যে আজি মুম্বাইত সেউজ জাহাজ পৰিবহণ সম্মিলন ২০২৫ (গ্রীণ শ্বিপিং কনক্লেভ) আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে। এই অনুষ্ঠানে ভাৰতৰ সামুদ্রিক বিকাশৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুটি চিহ্নিত কৰিছে। 

সেউজ জাহাজ পৰিবহণ সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
সেউজ জাহাজ পৰিবহণ সন্মিলন ২০২৫ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

 

আর্জেনিঅ' ড'মিনগুয়েজে তেওঁৰ মুখ্য ভাষণত বিশ্ব প্রেক্ষাপটত জাহাজ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ কৌশলগত ভূমিকাৰ কথা স্বীকাৰ কৰে, বহনক্ষম সামুদ্রিক উন্নয়ন, বৈকল্পিক শক্তি সমাধান আৰু আন্তঃৰাষ্ট্ৰীয় নিয়মাৱলী অনুযায়ী সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ অৱদানৰ কথা উল্লেখ কৰে। এই সম্মিলনখনে নীতিকেন্দ্রিক আলোচনা, কাৰিকৰী আলোচনা আৰু ঘূৰণীয় বৈঠকৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্রদান কৰিছে। 

লগতে ঔদ্যোগিক খণ্ড, চৰকাৰ আৰু শৈক্ষিক খণ্ডৰ মুখ্য অংশীদাৰসকলেও ইয়াত জড়িত হৈছে। গুৰুত্বপূর্ণ আলোচনাসমূহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাৰ মহাসচিবগৰাকীয়ে নৱীকৰণযোগ্য শক্তি, পৰিষ্কাৰ ইন্ধনৰ ক্ষেত্ৰত বিনিয়োগ আৰু সেউজ বন্দৰ আন্তঃগাঁথনিৰ ত্বৰান্বিতকৰণত গুৰুত্ব আৰোপ কৰে। 
কেন্দ্রীয় মন্ত্রী সোণোৱালে আই এম অ'ৰ মহাসচিবৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। য'ত সামুদ্রিক সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় প্রতিশ্রুতি দোহাৰে আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাৰ দীর্ঘম্যাদী পাৰিপার্শ্বিক লক্ষ্যত অৰিহণা যোগোৱাৰ আশ্বাস দিয়ে। 

মুম্বাইত গ্ৰীণ শ্বিপিং কনক্লেভ 2025
মুম্বাইত গ্ৰীণ শ্বিপিং কনক্লেভ 2025

 

উক্ত অনুষ্ঠানৰ যোগেদি সামুদ্রিক খণ্ডত ভাৰতৰ সেউজ ৰূপান্তৰৰ দিশত এক সহযোগিতামূলক দৃষ্টিভংগী নিশ্চিত হয়। সন্মিলনত অনুষ্ঠিত কাৰিকৰী আৰু নীতিগত অধিৱেশনসমূহত বহনক্ষম সামুদ্রিক বিকাশৰ দিশবোৰ সমাধান কৰাৰ বাবে বিভিন্ন আলোচনা অনুষ্ঠিত হয়। 

আলোচনাত বন্দৰ ডিকাৰ্বনীকৰণ, সেউজ বিত্তীয় প্রণালী আৰু সামুদ্রিক নির্গমন হ্রাস কৰাৰ বাবে আন্তর্জাতিক সহযোগিতা বৃদ্ধিত গুৰুত্ব দিয়া হয়। আনহাতে কাৰিকৰী অধিৱেশনবোৰত স্মার্ট জাহাজ প্রযুক্তি, জাহাজ পৰিচালনাত এআই প্রযুক্তিৰ একত্ৰিকৰণ, জাহাজ পুনর্ব্যৱহাৰৰ ক্ষেত্ৰত যাৱতীয় অর্থনৈতিক নীতিৰ অন্বেষণ কৰা হয়। 

"সামুদ্রিক ক্ষেত্ৰত মহিলা- সাগৰ মে সন্মান" নামৰ এক বিশেষ অধিৱেশনত ভাৰতৰ সামুদ্রিক খণ্ডত লিংগ সমতা আৰু কৰ্মশক্তিৰ বৈচিত্ৰতাৰ ভূমিকাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্রী সোণোৱালে কয়- "ভাৰতে বিশ্বব্যাপী সূচনা হোৱা সামুদ্রিক বিপ্লৱত স্থিৰতা, উদ্ভাৱন আৰু পৰিৱেশ অনুকূল উন্নয়নক অগ্রাধিকাৰ দি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত 'হৰিৎ সাগৰ সেউজ বন্দৰ নিৰ্দেশনা', 'গ্রীণ টাগ ট্রেঞ্জিচন প্রগ্রাম' আৰু 'নেচনেল গ্রীণ হাইড্ৰ'জেন মিছন'ৰ দৰে পদক্ষেপৰ জৰিয়তে আমি আমাৰ বন্দৰ আৰু জাহাজ উদ্যোগক ৰূপান্তৰিত কৰিছোঁ। শেহতীয়াকৈ কেন্দ্রীয় বাজেটত ঘোষণা কৰা ২৫,০০০ কোটি টকাৰ সামুদ্রিক উন্নয়ন পুঁজিৰ উদ্দেশ্য হৈছে- সেউজ আন্তঃগাঁথনি, বৈকল্পিক ইন্ধন আৰু বন্দৰ আধুনিকীকৰণৰ ক্ষেত্ৰত বিনিয়োগক উৎসাহিত কৰা। যাতে ভাৰত কাৰ্বনমুক্তকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়। 

মুম্বাইত গ্ৰীণ শ্বিপিং কনক্লেভ 2025
মুম্বাইত গ্ৰীণ শ্বিপিং কনক্লেভ 2025

 

যিহেতু আমি কৌশলগত সেউজ ক'ৰিডৰ নিৰ্মাণ কৰিছোঁ আৰু আই এম অ' আৰু বিমষ্টেকৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰিছোঁ, ইয়াৰ যোগেদি বিশ্ববাসীলৈ আমাৰ বাৰ্তা স্পষ্টঃ ভাৰতে এক পৰিষ্কাৰ, সেউজ আৰু অধিক পৰিৱেশ অনুকূল সামুদ্রিক ভৱিষ্যতৰ বাবে দৃঢ় প্রতিশ্রুতিবদ্ধ। প্রধানমন্ত্রী মোডীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্রিক খণ্ডত এক নতুন দিগন্ত সূচনা কৰাৰ দিশে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে।" 

উল্লেখযোগ্য যে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত সামৰণি অধিৱেশন অনুষ্ঠিত হয়। সামৰণি ভাষণত আর্জেনিঅ' ড'মিনগুয়েজে সামুদ্রিক খণ্ডত দক্ষতা আৰু ক্ষমতা বৃদ্ধি, বিত্তীয় প্রণালী আৰু কাৰিকৰী সহযোগিতাৰ জৰিয়তে ভাৰতৰ সামুদ্রিক ৰূপান্তৰৰ যাত্ৰাৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰে।

sarbananda sonowal