/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/Capture-6.png)
বাৰ্ল্ড ৰেচলিং এন্টাৰটেইমেন্ট(WWE) ৰ পৰা জনপ্ৰিয় হোৱা দ্যা গ্ৰেট খালী ওৰফে দিলীপ সিং ৰাণাই বৃহস্পতিবাৰে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত।তেওঁ ৰাজধানী দিল্লীত কেইবাগৰাকী বিশিষ্ট নেতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে।
যোগদানৰ সময়ত খালীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নীতিৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।খালীয়ে যোগদানৰ সময়চোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো প্ৰশংসা কৰে।
খালীয়ে কয় যে "মই বিজেপিত যোগদান কৰি অত্যন্ত সুখী।মই ভাৱো যে ৰাষ্ট্ৰৰ বাবে মোদীয় যি কাম কৰিছে সেই কামে তেওঁক ভাল প্ৰধানমন্ত্ৰী বনাইছে।সেইবাবে ৰাষ্ট্ৰৰ বিকাশৰ বাবে মোদীৰ শাসনৰ অংশ হোৱাৰ কথা ভাৱিলো।মই বিজেপিৰ ৰাষ্ট্ৰীয় নীতিৰ পৰা প্ৰভাৱিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছো"।
এই সন্দৰ্ভত বিজেপিৰ নেতা জীতেন্দ্ৰ সিঙে কয় যে গ্ৰেট খালীয়ে বিজেপিত যোগদান কৰাৰ বাবে তেওঁৰ দ্বাৰা অন্য লোকে প্ৰেৰণা লাভ কৰিব।