Advertisment

প্ৰধানমন্ত্ৰী মোডীলৈ নাইজেৰিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্যা অৰ্ডাৰ অৱ দ্যা নাইজাৰ এৱাৰ্ড’

দেশখনৰ সৰ্বোচ্চ সন্মান ‘গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্যা অৰ্ডাৰ অৱ দ্যা নাইজাৰ এৱাৰ্ড’ আগবঢ়াব প্ৰধানমন্ত্ৰী মোডীক। এয়া হৈছে নাইজেৰিয়া চৰকাৰে আগবঢ়োৱা ১৭ সংখ্যক আন্তৰ্জাতিক বঁটা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
NARENDRA MODI

ডিজিটেল ডেস্ক : দেশবাসীৰ বাবে ভাল খবৰ। বিদেশী ৰাষ্ট্ৰ নাইজেৰিয়াই এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰিলে নাইজেৰিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান। 

Advertisment

এইবাৰ দেশখনৰ সৰ্বোচ্চ সন্মান ‘গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্যা অৰ্ডাৰ অৱ দ্যা নাইজাৰ এৱাৰ্ড’ আগবঢ়োৱা হৈছে প্ৰধানমন্ত্ৰী মোডীলৈ। এয়া হৈছে নাইজেৰিয়া চৰকাৰে আগবঢ়োৱা ১৭ সংখ্যক আন্তৰ্জাতিক বঁটা। ইয়াৰ আগেয়ে ১৯৬৯ চনত দ্বিতীয় ৰাণী এলিজাবেথক প্ৰদান কৰা হৈছিল এই সন্মান।

সম্প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰাজিল, গায়না, পশ্চিম আফ্ৰিকা ভ্ৰমণত আছে। শনিবাৰে নিশা নাইজেৰিয়াত উপস্থিত হয়গৈ প্ৰধানমন্ত্ৰীগৰাকী।

নাইজেৰিয়াত উপস্থিত হোৱাৰ পাছতে দেশখনৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৱে উষ্ম আদৰণী জনাই ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক। ইফালে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিৰ এই আতিথ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।

আনহাতে নৰেন্দ্ৰ মোডীয়ে নাইজেৰিয়াত উপস্থিত হোৱাৰ পাছতে নাইজেৰিয়াত থকা মাৰাঠা সম্প্ৰদায়ৰ লোকসকলৰ সৈতে খন্তেক মত বিনিময় কৰে। নাইজেৰিয়াৰ মাৰাঠা সমাজে কেতবোৰ উপহাৰেৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায়। মাৰাঠাসকলৰ এই আদৰ- সন্মান লাভ কৰি কৃতাৰ্থ হোৱা বুলি সামাজিক মাধ্যমযোগে মোডীয়ে উল্লেখ কৰে। 

narendra modi