ফেচবুক, হোৱাটছএপ, টুইটাৰত পৰিব চৰকাৰৰ ৰঙা চকু

ফেচবুক, হোৱাটছএপ, টুইটাৰত পৰিব চৰকাৰৰ ৰঙা চকু

author-image
asomiyapratidin
New Update
ফেচবুক, হোৱাটছএপ, টুইটাৰত পৰিব চৰকাৰৰ ৰঙা চকু

ডিজিটেল ডেস্কঃ দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উৰা-বাতৰিক নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে অচিৰেই বন্ধ কৰিব পাৰে ফেচবুক, হোৱাটছ এপ, ইষ্ট'গ্ৰাম আৰু টেলিগ্ৰামৰ দৰে চচিয়েল মিডিয়া।

এই সম্পৰ্কে চৰকাৰে টেলিকম কোম্পানী আৰু ইন্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থাৰ পৰা পৰামৰ্শ বিচাৰিছে। প্ৰয়োজনত আই টি আইনৰ অধীনত ধাৰা নং ৬৯ৰ সহায়ত এই এপ'ছসমূহ সাময়িকভাৱে কেনেকৈ বন্ধ কৰিব পাৰি সেই সম্পৰ্কে কিছু নীতি-নিয়ম নিৰ্ধাৰণৰ কথা চিন্তা কৰিছে চৰকাৰে।

উল্লেখ্য যে বহু সময়ত, এই ছ'চিয়েল মাধ্যমবোৰৰ জৰিয়তে প্ৰচাৰিত খবৰে আইন-শৃংখলাজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ পিছতে এনে নতুন চিন্তা-চৰ্চা কৰিছে চৰকাৰে। এই সন্দৰ্ভত অৱশ্যে মুকলিকৈ কোনো কথা চৰকাৰী পক্ষৰ পৰা কোৱা হোৱা নাই।

লক্ষণীয় যে, এনে মাধ্যমসমূহক লেকাম লগালে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে অতি কৌশলৰে চৰকাৰী পক্ষই  এয়াৰটেল, ভোডাফোন, ৰিলায়েন্স জি'অ, আইডিয়াৰ উপৰিও টেলিকম উদ্যোগৰ লগত জড়িত আন সংস্থাসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে।