Advertisment

CISF ত এটা সম্পূৰ্ণ মহিলা বেটেলিয়ন গঠনত অনুমোদন গৃহ মন্ত্ৰণালয়ৰ

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISF ৰ বাবে এটা মহিলা ৰিজাৰ্ভ বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা গঠন হ’বলগীয়া এই ৰিজাৰ্ভ বেটেলিয়ন CISF ৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ম্পূৰ্ণ মহিলাৰে গঠন হ'ব CISF ৰ এটা বেটেলিয়ন

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISF ৰ বাবে এটা মহিলা ৰিজাৰ্ভ বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা গঠন হবলগীয়া এই ৰিজাৰ্ভ বেটেলিয়ন CISF ৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে।

Advertisment

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃত্বশীল বিষয়াই কয় যে, চলিত সপ্তাহতে আনুষ্ঠানিকভাৱে এই ৰিজাৰ্ভ বেটেলিয়ন গঠনৰ বাবে অনুমোদন জনোৱা হৈছে। এই ৰিজাৰ্ভ বেটেলিয়নত ১,০২৫ গৰাকী সদস্য থাকিব। ইয়াৰ নেতৃত্ব দিব এগৰাকী জ্যেষ্ঠ কামাণ্ডেণ্টে।

ইয়াৰ বাবে ইতিমধ্যে CISF ৰ দিল্লীস্থিত সদৰ দপ্তৰত নিয়োগ আৰু বিশেষ প্ৰশিক্ষণৰ বাবে প্ৰস্তুতি চলিছে। এই বিশেষ ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত মহিলা বেটিলিয়নে ভি আই পি নিৰাপত্তা, বিমানবন্দৰ নিৰাপত্তা আৰু দিল্লী মেট্ৰো ৰেলৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰিব।

বৰ্তমান CISF ত মুঠ ১২ টা বেটেলিয়ন আছে। এইসমূহক সাধাৰণতে নিৰ্বাচন, গুৰুত্বপূৰ্ণ স্থানৰ নিৰাপত্তা বা অন্যান্য সাময়িক আৰু স্থায়ী দায়িত্বত অতিৰিক্ত কৰ্মী হিচাপে নিয়োগ কৰা হৈছে। বৰ্তমান সংসদ ভৱনৰো নিৰাপত্তাৰ দায়িত্বত আছে CISF। 

CISF প্ৰতিষ্ঠা হৈছিল ১৯৬৯। তাৰ পাছৰ পৰাই এই নিৰাপত্তা সংস্থাই ৬৮ টা অসামৰিক বিমান বন্দৰ, দিল্লী মেট্ৰো, তাজমহল, লাল কিল্লাৰ দৰে ঐতিহাসিক স্থানক নিৰাপত্তা প্ৰদান কৰিছে। 

এই সমূহত CISF ৰ মহিলা জোৱানো নিয়োগ হৈ আছে। শেহতীয়াকৈ CISF ৰ এটা সম্পূৰ্ণ মহিলা ৰিজাৰ্ভ বেটেলিয়ন প্ৰতিষ্ঠাৰ প্ৰস্তাৱ CISF- এ নিজেই দাবী কৰিছিল। 

সম্প্ৰতি গৃহ মন্ত্ৰণালয়ে এই প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰোপৰি CISF-এ দেশৰ পাৰমাণৱিক আৰু মহাকাশ গৱেষণা ক্ষেত্ৰৰ লগতে ইনফোছিচ, গুজৰাটৰ জামনগৰ, ৰিলায়েন্স ৰিফাইনেৰীসহ দেশৰ বহু উদ্যোগিক তথা বেচৰকাৰী প্ৰতিষ্ঠানতো সন্ত্ৰাস বিৰোধী নিৰাপত্তা প্ৰদান কৰি আছে। 

কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়