/asomiyapratidin/media/media_files/2024/12/06/JdAUNNKnI2VacDejEEfE.jpg)
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰীয়ে কৃষকক পি এম কিষাণ আঁচনিৰ অধীনত দিয়া নগদ ধনৰ সুবিধা লৈছিল অকৃষক আৰু অযোগ্য কৃষকে। প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে এই সকল অযোগ্য হিতাধিকাৰীয়ে লোৱা ধন বহু পৰীক্ষাৰ অন্তত ঘূৰাই আনিছে চৰকাৰে।
বৃহস্পতিবাৰে সংসদত এই তথ্য জনাই কেন্দ্ৰীয় মন্ত্ৰী ভোগীৰথ চৌধুৰীয়ে। তেওঁ জানিবলৈ দিয়ে যে অযোগ্য হিতাধিকাৰীৰ পৰা চৰকাৰে এতিয়ালৈকে ৩৩৫ কোটি টকা ঘূৰাই আনিছে।
উল্লেখযোগ্য যে পি এম কিষাণৰ অধীনত চৰকাৰে বৈধভাৱে পঞ্জীয়নকৃত কৃষকক ৩টা কিস্তিত ২হেজাৰকৈ বছৰি ৬ হেজাৰ টকা আগবঢ়াই আহিছে। ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত প্ৰথম কিস্তিৰ ধন পৰিশোধ কৰা হৈছিল কৃষকক।
এই আঁচনিৰ নিৰ্দেশনা অনুসৰি প্ৰকৃত হিতাধিকাৰী কৃষকৰ চিনাক্ত আৰু দায়িত্ব ৰাজ্য চৰকাৰে ল’ব লাগে। কিন্তু এি হিতাধিকাৰী চিনাক্তকৰণ আৰু তালিকাকৰণ প্ৰক্ৰিয়াত অনিয়ম হোৱাৰ অভিযোগৰ পাছত সেইবোৰ পুনৰনিৰীক্ষণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে ভাৰত চৰকাৰে এই আঁচনি ৰূপায়ণৰ বাবে স্বচ্চতা বজাই ৰাখিব। এতিয়ালৈকে দেশৰ কৃষকসকলক ১৮টা কিস্তি ৩.৪৬ লাখ কোটি টকা বেংক একাউণ্টযোগে কৃষকক প্ৰদান কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।