/asomiyapratidin/media/media_files/2025/01/16/oeWE6aM60i8zhkHhyLpY.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়া লিভ ট্ৰেভেল কনচেচন (এলটিচি) আঁচনিৰ অধীনত তেজছ, বন্দে ভাৰত আৰু হমছফৰ এক্সপ্ৰেছ ৰে’লত যাত্ৰা কৰিব পাৰিব। বিভিন্ন কার্যালয় আৰু ব্যক্তিৰ পৰা বহু অনুৰোধ লাভ কৰাৰ পাছত এই সিদ্ধান্ত প্রকাশ কৰে কার্যকৰী আৰু প্রশিক্ষণ বিভাগে৷ কার্যকৰী আৰু প্রশিক্ষণ বিভাগে ব্যয় বিভাগৰ সৈতে যুটীয়াভাৱে নিয়মসমূহ পুনৰীক্ষণ কৰিছিল।
নতুন আদেশ অনুসৰি এতিয়া কৰ্মচাৰীসকলে তেওঁলোকৰ ভ্ৰমণৰ প্ৰাপ্যতাৰ ওপৰত ভিত্তি কৰি ৰাজধানী, শতাব্দী আৰু ডুৰন্টো ৰে’লৰ উপৰিও প্ৰিমিয়াম ৰে’লসমূহ ব্যৱহাৰ কৰিব পাৰিব।
এল টি চি আঁচনিৰ অধীনত যোগ্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ঘূৰি ফুৰাৰ বাবে টিকটৰ খৰচ পৰিশোধ কৰে আৰু ভ্ৰমণৰ সময়ত পেইড ছুটীও লাভ কৰে।
লিভ ট্ৰেভেল কনচেচন হৈছে চৰকাৰী কৰ্মচাৰীৰ বাবে ডিজাইন কৰা ভ্ৰমণ ভাট্টা আঁচনি। যাৰ ফলত তেওঁলোকে চাৰি বছৰীয়া সময়ছোৱাত নিজৰ গৃহ চহৰ বা ভাৰতৰ ভিতৰত যিকোনো গন্তব্যস্থান ভ্ৰমণ কৰিব পাৰে।
চাৰি বছৰৰ ভিতৰত দুবাৰকৈ হোম টাউন এলটিচি উপলব্ধ যিটো দুটা দুবছৰৰ সময়ছোৱাত বিভক্ত কৰা হৈছে । দুবছৰৰ ভিতৰত এবাৰ কৰ্মচাৰীসকলে গৃহ চহৰলৈ যাব পাৰিব আৰু আন দুবছৰ সময়ছোৱাত ভাৰতৰ যিকোনো ঠাই ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিব পাৰে ।
এই আঁচনিৰ অধীনত কৰ্মচাৰীজন আৰু তেওঁলোকৰ যোগ্য পৰিয়ালৰ সদস্যসকলৰ যাত্ৰাৰ খৰচ চৰকাৰে বহন কৰে। ইয়াৰ উপৰিও কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত পৃথক পৃথক গোটত যাত্ৰা কৰিব পাৰে। এলটিচিৰ অধীনত ভাৰতৰ যিকোনো স্থান তেওঁলোকে বাছি ল’ব পাৰে।
ইয়াৰ পূৰ্বে এলটিচি কাৰ্যসূচীত ইতিমধ্যে ৰাজধানী, শতাব্দী আৰু ডুৰণ্টোৰ দৰে প্ৰিমিয়াম ৰে’লত যাত্ৰা কৰাটো সামৰি লোৱা হৈছিল।কিন্তু শেহতীয়াকৈ চৰকাৰে এই ৰে’লসমূহৰ বাহিৰেও তেজছ এক্সপ্ৰেছ,বন্দে ভাৰত এক্সপ্ৰেস্ক আৰু হমছফৰ এক্সপ্ৰেছতো ক্ষেত্ৰতো উক্ত সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ।
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়া লিভ ট্ৰেভেল কনচেচন (এলটিচি) আঁচনিৰ অধীনত তেজছ, বন্দে ভাৰত আৰু হমছফৰ এক্সপ্ৰেছ ৰে’লত যাত্ৰা কৰিব পাৰিব। বিভিন্ন কার্যালয় আৰু ব্যক্তিৰ পৰা বহু অনুৰোধ লাভ কৰাৰ পাছত এই সিদ্ধান্ত প্রকাশ কৰে কার্যকৰী আৰু প্রশিক্ষণ বিভাগে৷ কার্যকৰী আৰু প্রশিক্ষণ বিভাগে ব্যয় বিভাগৰ সৈতে যুটীয়াভাৱে নিয়মসমূহ পুনৰীক্ষণ কৰিছিল।