Advertisment

ইলেক্টনিছ, ফাৰ্মা, অ'টোমোবাইল খণ্ডলৈ ৬মাহত প্ৰদান ১৫৯৬কোটি টকা...

কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো খণ্ডৰ বিকাশৰ বাবে পূৰ্ণদম্যে কাম কৰা পৰিলক্ষিত হৈছে। দেশৰ সকলো খণ্ডই যাতে পৰ্যাপ্ত পুঁজি লাভ কৰে তাৰ বাবে কেন্দ্ৰই সময়ে সময়ে মুকলি কৰিছে পৰ্যাপ্ত পুঁজি।

author-image
Asomiya Pratidin
New Update
ইলেক্টনিছ, ফাৰ্মা, অ'টোমোবাইল খণ্ডলৈ ৬মাহত প্ৰদান ১৫৯৬কোটি টকা...

ইলেক্টনিছ, ফাৰ্মা, অ'টোমোবাইল খণ্ডলৈ ৬মাহত প্ৰদান ১৫৯৬কোটি টকা... Photograph: (ইলেক্টনিছ, ফাৰ্মা, অ'টোমোবাইল খণ্ডলৈ ৬মাহত প্ৰদান ১৫৯৬কোটি টকা...)

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো খণ্ডৰ বিকাশৰ বাবে পূৰ্ণদম্যে কাম কৰা পৰিলক্ষিত হৈছে। দেশৰ সকলো খণ্ডই যাতে পৰ্যাপ্ত পুঁজি লাভ কৰে তাৰ বাবে কেন্দ্ৰই সময়ে সময়ে মুকলি কৰিছে পৰ্যাপ্ত পুঁজি।

Advertisment

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা কৰা এক তথ্য অনুসৰি, চলিত বিত্তীয় বিত্তীয় বৰ্ষৰ এপ্ৰিল-ছেপ্টেম্বৰৰ ভিতৰত ইলেক্ট্ৰনিকছ আৰু ফাৰ্মাকে ধৰি ছটা খণ্ডৰ বাবে প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ অধীনত ১৫৯৬ কোটি টকা প্ৰদান কৰা হৈছে।

চৰকাৰে ২০২১ চনত ১৪টা খণ্ডৰ বাবে পিএলআই আঁচনি ঘোষণা কৰিছিল। সেই খণ্ড কেইটা আছিল-  টেলিকমিউনিকেচন, বস্ত্ৰশিল্প, চিকিৎসা সঁজুলি নিৰ্মাণ, অটোম’বাইল, বিশেষ তীখা, খাদ্য সামগ্ৰী, উচ্চ কাৰ্যক্ষম সৌৰ পিভি মডিউল, উন্নত ৰসায়ন বিজ্ঞান কোষ বেটাৰী, ড্ৰ’ন, আৰু ফাৰ্মাৰ দৰে খণ্ড।

মুঠ ১,৫৯৬ কোটিৰ ভিতৰত সৰ্বাধিক ধন প্ৰদান কৰা হৈছে ইলেক্টনিকছ খণ্ড। এই পি এল আই আঁচনিৰ অধীনত প্ৰায় ৯৬৪কোটি টকা প্ৰদান কৰা হৈছে ইলেক্টনিকছ খণ্ডক। 

 

কেন্দ্ৰীয় চৰকাৰ