/asomiyapratidin/media/media_files/2025/06/06/P7FUrIftHKi9o1Gk8mbt.jpg)
এনডিএ চৰকাৰৰ ১১ বছৰ
ডিজিটেল ডেস্কঃ ৯ জুনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে সম্পূৰ্ণ কৰিব ১১ বছৰ। ইয়াৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, চৰকাৰে বিগত ১১ বছৰত দেশৰ দৰিদ্ৰৰ কল্যাণৰ বাবে যুগান্তকাৰী ভুমিকা গ্ৰহণ কৰিছে। সামাজিক মাধ্যম এক্সত টুইট কৰি মোদীয়ে “আমাৰ চৰকাৰ সহানুভূতিশীল চৰকাৰ। দুখীয়াৰ কল্যাণ, অন্তৰ্ভুক্তিমূলক উন্নয়ন আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ উদ্দেশ্যে আমাৰ সহানুভূতি আৰু সংকল্প স্পষ্ট" বুলি উল্লেখ কৰে।
তেওঁ লগতে উল্লেখ কৰে যে, "চৰকাৰে বিগত এক দশকৰ ভিতৰত বহু লোকৰ দৰিদ্ৰতা দূৰ কৰিবলৈ যথেষ্ট প্রচেষ্টা হাতত লৈছে আৰু এই প্ৰচেষ্টাৰ ফলত ২৫ কোটিৰো অধিক লোক দৰিদ্ৰ সীমাৰেখাৰ পৰা ওপৰলৈ উঠিবলৈ সক্ষম হৈছে। এন ডি এয়ে এখন সৰ্বাংগীন আৰু স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ প্ৰতি দায়বদ্ধ , য’ত প্ৰতিজন নাগৰিকে মৰ্যাদাৰে জীয়াই থকাৰ সুযোগ পায়" বুলি সদৰি কৰে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে , "চৰকাৰে আৰম্ভ কৰা কেইবাটাও যোজনাই দুখীয়াৰ জীৱনত এক বাস্তৱ পৰিৱর্তন আনিছে। বিশেষকৈ গৃহহীন লোকক নিজৰ ঘৰ এখন পাবলৈ সহায় হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY), উজ্জ্বলা যোজনা (পৰিষ্কাৰ গেছ যোগানৰ জৰিয়তে ৰন্ধন প্ৰণালী আৰু স্বাস্থ্যত উন্নতি), জন ধন যোজনা (কোটি কোটি লোকক বেংক একাউণ্টৰ জৰিয়তে অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে জড়িত কৰা), আয়ুষ্মান ভাৰত (দুখীয়াৰ বাবে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সুবিধা), ডাইৰেক্ট বেনিফিট ট্রান্সফাৰ, ডিজিটেল অন্তৰ্ভুক্তি, আদি আঁচনিৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।