ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৬ লাখ ৬৯ হাজাৰ মোবাইলৰ ভুৱা ছীম বন্ধ কৰি দিয়াৰ লগতে ১ লাখ ৩২ হাজাৰ আন্তঃৰাষ্টীয় মোবাইল ইকুইমেন্ট আদেনটিতি চুমকৈ আই এম ই আই নম্বৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী বি সঞ্জয় কুমাৰে এই কথা সদৰি কৰে।
তেওঁ লগতে জনাই যে, টেলিকম ছাৰ্ভিচ প্ৰ'ভাইদাৰে চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে এক ব্যৱস্থাও গঢ়ি তুলিছে। যাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় এই চাইবাৰ অপৰাধ সংঘটিত কৰিব পৰা ফোনসমূহ চিনাক্ত আৰু ব্লক কৰিব পৰা যায়।
চৰকাৰে এই কথা গুৰুত্ব সহকাৰে লক্ষ্য কৰিছে যে, ভুৱা ডিজিটেল গ্ৰেপ্তাৰ, বেংকৰ একাউন্টৰ পৰা ধন হৰলুকি, চৰকাৰী আৰক্ষী বিষয়া হিচাপে পৰিচয় দি ভুৱাকৈ ধন সংগ্ৰহ আদি অপৰাধ সংঘটিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ ফোন কল ব্যৱহাৰ কৰিছে।
দেশত চাইবাৰ অপৰাধ আৰু জালিয়াতিৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে। এনে অপৰাধ প্ৰতিৰোধৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৰ বাবে ৩৪৩১ কোটি টকা ৰক্ষা কৰিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জানিব দিয়ে যে, সমগ্ৰ দেশত ৯.৯৪ লাখ বিত্তীয় সংক্ৰান্তিয় চাইবাৰ অপৰাধ পঞ্জীয়ণ হৈছে।