/asomiyapratidin/media/media_files/2025/07/25/ott-platform-2025-07-25-15-07-24.jpeg)
ডিজিটেল ডেস্কঃ অৱশেষত দেশত বৰ্ধিত ছফ্ট পৰ্ণগ্ৰাফী কনটেণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে ভাৰত চৰকাৰে। ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশত ২৪টা এপ আৰু ৱেব প্লেটফৰ্ম নিষিদ্ধ কৰিছে। এই এপ আৰু ৱেব প্লেটফৰ্মসমূহৰ বিৰুদ্ধে যৌনতা, হিংসা, আপত্তিজনক বিষয়বস্তুৰ প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছে।
খবৰ অনুসৰি ছফ্ট পৰ্ণগ্ৰাফী কনটেণ্ট প্ৰচাৰৰ বাবে এই এপ, বেৱ প্লেটফৰ্মসমূহ নিষিদ্ধ কৰা হৈছে। এইসমূহৰ ভিতৰত আছে ‘অল্ট বালাজী’, ‘উল্লু’, ‘বিগ শ্বটছ এপ’, ‘দেশী ফ্লিক্স’, ‘বুমেক্স’, ‘নাভাৰাছ লাইট’, ‘গুলাব’ আদি।
দেশৰ তথ্য আৰু সম্প্ৰটাৰ মন্ত্ৰণালয়ে অভিযোগ কৰিছে যে এই ৱেব প্লেটফৰ্মসমূহে তথ্য প্ৰযুক্তি আইন, ২০০০ (বিশেষকৈ ধাৰা ৬৭ আৰু ৬৭ এ), ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ২৯৪, ২০২৩ আৰু মহিলা শৰীৰৰ অশ্লীল উন্মোচন (নিষেধাজ্ঞা) আইন, ১৯৮৬ৰ ধাৰা ৪ উলংঘা কৰিছে।
প্ৰসংগক্ৰমে আই টি আইনৰ ৬৭ আৰু ৬৭ এ ধাৰা অনুসৰি কোনো ইলেক্ট্ৰনিক মাধ্যমত অশ্লীল বা যৌন ইংগিত দায়ক কোনো কথা, দৃশ্য দেখুৱাব নোৱাৰিব। একেদৰে ভাৰতীয় দণ্ডবিধিৰ ২৯৪ ধাৰাত গীতৰ দৃশ্যত অশ্লীল ইংগিত দিয়া নিষিদ্ধ।
আকৌ ১৯৮৬ চনৰ আইন অনুসৰি কোনো মাধ্যমতে নাৰীক অশ্লীল ৰূপত চিত্ৰিত কৰিব নোৱাৰি। বিভাগটোৱে প্ৰদান কৰা তালিকাত উল্লেখ কৰা ৱেব প্লেটফৰ্মে এই সকলোবোৰ আইন উলংঘা কৰা বুলি দাবী কৰিছে মন্ত্ৰালয়ে।
ইতিমধ্যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এপ আৰু ৱেব প্লেটফৰ্মৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে। এই দেশত নিষিদ্ধ এপ আৰু ৱেব প্লেটফৰ্ম যাতে সহজে উপলব্ধ নহয় তাৰ বাবেও মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে।