/asomiyapratidin/media/media_files/2025/04/10/odcr5ij7a9MHanmyDyIs.jpg)
১৩৩২ কোটি টকাৰ ৰে'ল প্ৰকল্প
ডিজিটেল ডেস্ক: প্ৰায় ১৩৩২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব অন্ধ্ৰ আৰু তামিলনাডুত তিৰুপতি–পাকলা–কাটপাডী ৰে'লপথ। ১০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে'লপথছোৱা ডাবলিং কৰিবলৈ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে। দুখন ৰাজ্যৰ তিনিখন জিলাক সামৰি লোৱা এই প্ৰকল্পই ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১১৩ কিলোমিটাৰ বৃদ্ধি কৰিব। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
কেন্দ্ৰীয় ৰে'লমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে, "বৰ্ধিত লাইন ক্ষমতাই ৰে'লৱেৰ গতিশীলতা উন্নত কৰিব, ভাৰতীয় ৰে'লৱেৰ বাবে বৰ্ধিত দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব। মাল্টি ট্ৰেকিং প্ৰস্তাৱে কাৰ্য্যকলাপ সহজ কৰি তুলিব আৰু যানজঁট হ্ৰাস কৰিব। ভাৰতীয় ৰে'লৱেৰ ব্যস্ত অংশত বহু প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়ন প্ৰদান কৰিব।"
এই প্ৰকল্পৰ জৰিয়তে তিৰুমালা ভেংকটেশ্বৰ মন্দিৰৰ সৈতে সংযোগৰ সমান্তৰালকৈ শ্ৰী কলাহস্তী শিৱ মন্দিৰ, কণিপাকম বিনায়ক মন্দিৰ, চন্দ্ৰগিৰি দুৰ্গ আদি অন্যান্য তীৰ্থস্থানলৈও ৰে'ল সংযোগ প্ৰদান কৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী আৰু পৰ্যটকক আকৰ্ষণ কৰিব। মাল্টি ট্ৰেকিং প্ৰকল্পৰ জৰিয়তে প্ৰায় ৪০০ খন গাঁও আৰু প্ৰায় ১৪ লাখ লোকৰ সংযোগ বৃদ্ধি পাব।
অশ্বিনী বৈষ্ণৱে লগতে সদৰী কৰে, "এইটো কয়লা, কৃষিজাত সামগ্ৰী, চিমেণ্ট আৰু অন্যান্য খনিজ আদি সামগ্ৰী পৰিবহণৰ বাবে এক অপৰিহাৰ্য পথ। ক্ষমতা বৃদ্ধিৰ কামৰ ফলত ৪ এমটিপিএ (বছৰি মিলিয়ন টন) পৰিসৰৰ অতিৰিক্ত মালবাহী যাতায়ত হ'ব। তেল আমদানি (৪ কোটি লিটাৰ) হ্ৰাস কৰা আৰু CO2 নিৰ্গমন (২০ কোটি কিলোগ্ৰাম) হ্ৰাস কৰা যিটো এক কোটি গছ ৰোপণৰ সমতুল্য" বুলি উল্লেখ কৰে ৰে'লমন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us