/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-07/6mlasmmp/AP-FOR-WEB-5.jpg)
ডিজিটেল ডেস্কঃ দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ কল্যাণৰ উদ্দেশ্যৰে নৰেন্দ্ৰ মোডী চৰকাৰৰ অন্য এক উল্লেখনীয় প্ৰদক্ষেপ। যোৱা বুধবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকে প্ৰধানমন্ত্ৰী বিদ্যলক্ষ্মী আচঁনিক অনুমোদন প্ৰদান কৰে। এই আঁচনিৰ অধীনত ২০২৪-২৫বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষলৈকে ৭লাখ নতুন শিক্ষাৰ্থীৰ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ৩,৬০০কোটি টকা আৱন্টন কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, এই আঁচনিখনৰ অধীনত এগৰাকী শিক্ষাৰ্থীয়ে নিজ দেশৰ যিকোনো শিক্ষানুষ্ঠানত উচ্চ শিক্ষা গ্ৰহণৰ বাবে সৰ্বাধিক ১০লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব। এই আঁচনিখনৰ জৰিয়তে প্ৰতি বছৰে ১লাখ শিক্ষাৰ্থীয়ে ৩শতাংশ সূত ৰেহাই লাভ কৰিব। এই আচঁনিখন ৰূপায়নৰ কথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটত উল্লেখ কৰিছিল।
এই আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়াত অংশ লবলৈ পি এম বিদ্যালক্ষী পৰ্টেলত সকলো সুবিধা ইতিমধ্যে উপলদ্ধ হৈছে। অনলাইনৰ জৰিয়তেই যাতে শিক্ষাৰ্থীয়ে ঘৰতে বহি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে তাৰ সুব্যৱস্থা কৰা হৈছে।
এই আঁচনিখনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, উচ্চ শিক্ষাক সকলোৰে বাবে সুলভ কৰি তোলাৰ ক্ষেত্ৰত এক ঐতিহাসিক খোজ। দেশৰ যুৱশক্তিক অধিক শক্তিশালী আৰু উজ্বল এক ভৱিষ্যতৰ দিশে আগুৱাই নিয়াৰ ক্ষেত্ৰত এই আচঁনিখনে উল্লেখনীয় ভূমিকা পালন কৰিব।
ইফালে এই আঁচনিখনক ভূয়সী প্ৰশংসা কৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ জগদীশ কুমাৰে। তেওঁ কয়- দেশৰ শিক্ষাৰ্থীসকলৰ কল্যাণৰ বাবে বিদ্যালক্ষ্মী আচঁনিক অনুমোদন প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলো। এই আচঁনিৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিক্ষাৰ্থীয়ে ৭.৫লাখ পৰ্যন্ত ঋণ আৰু ৮লাখ টকা পৰ্যন্ত বাৰ্ষিক আয় থকা পৰিয়ালৰ শিক্ষাৰ্থীয়ে সৰ্বাধিক ১০লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব।
Also Read: আৰক্ষীৰ ভুল! জামিন পালে ট্ৰেডিং কেলেংকাৰী অন্যতম অভিযুক্ত ৰঞ্জিত কাকতিয়ে...