গুলীবিদ্ধ গোবিন্দা...

গুলীৱিদ্ধ গোবিন্দা...

author-image
Dimpul Borgohain
New Update
গুলীবিদ্ধ গোবিন্দা...

ডিজিটেল ডেস্কঃ অভিনেতা গোবিন্দা মঙলবাৰে ৰাতিপুৱা আঘাতপ্ৰাপ্ত হয় ৷ পুৱাই অকস্মাতে নিজৰ বন্দুকেৰে ভৰিত গুলী লাগে অভিনেতাজনৰ ৷ মুম্বাই আৰক্ষীৰ এজন বিষয়াই এই কথা জানিবলৈ দিয়া মতে, নিজৰ ৰিভলভাৰ চফা কৰি থকা সময়তে ঘটে এই অঘটন।

Advertisment

বৰ্তমান মুম্বাইৰ এখন হস্পাতালত ভৰ্তি হৈ থকা অভিনেতাগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ শিৱ সেনাত যোগদান কৰা বলিউদ অভিনেতাগৰাকীক সাক্ষাতৰ বাবে হস্পাতালৰ বাহিৰত বহু অনুৰাগীয়ে ভিৰ কৰিছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমে সদৰি কৰা অনুসৰি, গোবিন্দা দৰাচলতে কলকাতালৈ যাবলৈ সাজু হৈ আছিল । তেওঁ তেওঁৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো কেছটোত ভৰাবলৈ লওতেই তেওঁৰ হাতৰ পৰা সৰি পৰে আৰু অকস্মাতে এটা গুলী তেওঁৰ ভৰিত লাগে । ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ লৈ যোৱা হয় ৷ চিকিৎসকে ইতিমধ্যে বুলেটটো আঁতৰাই দিছে আৰু বৰ্তমান তেওঁৰ অৱস্থা ঠিকেই আছে ।

গোবিন্দা