নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত মেধাবী ছাত্ৰ-ছাত্ৰীলৈ ৰাজ্যপালৰ পদক প্ৰদান অনুষ্ঠান…

শুকুৰবাৰে নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) ত নগাঁও মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক  ৰাজ্যপালৰ পদক প্ৰদান কৰা হয়। লগতে ৮০সংখ্যক যুৱ মহোৎসৱ আৰু মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ বঁটাসমূহো প্ৰদান কৰা হয়। 

author-image
Asomiya Pratidin
New Update
নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত মেধাবী ছাত্ৰ-ছাত্ৰীলৈ ৰাজ্যপালৰ পদক প্ৰদান অনুষ্ঠান

নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ত মেধাবী ছাত্ৰ-ছাত্ৰীলৈ ৰাজ্যপালৰ পদক প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ,নগাঁও : শুকুৰবাৰে নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) ত নগাঁও মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক  ৰাজ্যপালৰ পদক প্ৰদান কৰা হয়। লগতে ৮০সংখ্যক যুৱ মহোৎসৱ আৰু মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ বঁটাসমূহো প্ৰদান কৰা হয়। 

Advertisment

আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা আৰু নগাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই সভাপতিত্ব কৰা গাম্ভীৰ্য্যপূৰ্ণ পদক প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ পৰিষদৰ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে। ড০ কাকতিয়ে ভাষণত ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ লগতে নিজ নিজ ক্ষেত্ৰত পাৰ্গত বিষয়সমূহতো মনোনিৱেশ কৰি আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়ায়। 

ছাত্ৰ-ছাত্ৰীসকলক সামাজিক কাম-কাজত নিয়োজিত হ’বলৈও ড০ কাকতিয়ে আহ্বান জনায়। লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ এ দক্ষতা বিকাশ আৰু উদ্যমিতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু শিক্ষানুষ্ঠানসমূহে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত এনে পাঠ্যক্ৰম প্ৰস্তুত কৰি থলুৱা সম্পদেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাব লাগে বুলি ড০ কাকতিয়ে মন্তব্য প্ৰদান কৰে। 

নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান লণ্ডনস্থিত ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষক তথা বিজ্ঞানী ড০ জগন্নাথ বিশ্বকৰ্মা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলে গৱেষণাৰ ক্ষেত্ৰত কেনেদৰে আগুৱাই যাব পাৰিব সেই সম্পৰ্কে বক্তব্য আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীসকলক বিফলতাক আদৰি ল’বলৈও তেওঁ আহ্বান জনায়। বিফলতাবোৰ পাৰ কৰি সফল হ’ব পৰাজনহে প্ৰকৃত ব্যক্তি বুলি মন্তব্য কৰে। 

ড০ বিশ্বকৰ্মাই উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মাতৃভাষা যে হেঙাৰ হ’ব নোৱাৰে, সেই সম্পৰ্কে মন্তব্য আগবঢ়ায়। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে ড০ বিশ্বকৰ্মাই অৱগত কৰে। 

মাতৃভাষাৰ প্ৰতি ভালপোৱা নাথাকিলে কোনো ভাষা শিকিব নোৱাৰি বুলি কয়। ভাষা শিকাৰ মূল ভিত্তি আৱেগ-অনুভূতি আৰু ব্যক্তিগত আগ্ৰহ বুলি মন্তব্য কৰে। 

নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতাৰ কথা অৱগত কৰে । মহাবিদ্যালয়খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰে, সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায়। 

নগাঁও মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰাই আদৰণী ভাষণ প্ৰদান কৰে। অধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰাই পদক প্ৰদান অনুষ্ঠান আৰু সপ্তাহ সমাৰোহৰ মুকলি সভালৈ সকলোকে আদৰণী জনায়। পদক প্ৰদান আৰু মহাবিদ্যালয় সপ্তাহৰ মুকলি সভাতে নগাঁও মহাবিদ্যালয়ৰ মেধাবী ছাত্ৰ-ছাত্ৰীলৈ মাননীয় ‘ৰাজ্যপালৰ পদক প্ৰদান’ কৰা হয়। 

২০২৩-২৪ বৰ্ষত নগাঁও মহাবিদ্যালয়ৰ পৰা কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক এই পদক প্ৰদান কৰা হয়। শ্ৰেষ্ঠ স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণসকলক সোণৰ পদক প্ৰদান কৰা হয়। 

সোণৰ পদক লাভ কৰে ক্ৰমে- স্নাতক শাখাৰ গণিত বিভাগৰ প্লাৱিতা শইকীয়া, অৰ্থনীতি বিভাগৰ ৰশ্মিৰেখা বৰা, বাণিজ্য বিভাগৰ অনন্যা শৰ্মাই। একেদৰে স্নাতকোত্তৰ শাখাত ক্ৰমে- ৰসায়ন বিজ্ঞান বিভাগৰ বাস্তৱৰাজ শইকীয়া আৰু ভূগোল বিভাগৰ মুবাচিৰা আহমেদে সোণৰ পদক লাভ কৰে। 

ৰূপৰ পদক লাভ কৰে ক্ৰমে- স্নাতক শাখাত গণিত বিভাগৰ বাস্তৱ বৰাই, সমাজতত্ত্ব বিভাগৰ বাৰ্লিনা শইকীয়াই, বাণিজ্য বিভাগৰ দীপান্বিতা ৰয়। একেদৰে স্নাতকোত্তৰ শাখাৰ ক্ৰমে ৰসায়ন বিজ্ঞান বিভাগৰ অঞ্জন বৰা আৰু ভূগোল বিভাগৰ মিহিকা মজুমদাৰে ৰূপৰ পদক লাভ কৰে। 

মাননীয় ৰাজ্যপালৰ ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে- স্নাতক শাখাত অৰ্থনীতি বিভাগৰ চনিয়া দাস, প্ৰাণীবিজ্ঞান বিভাগৰ জিমলি ভট্টাচাৰ্য, বাণিজ্য বিভাগৰ গৌৰৱ পৌড়েল আৰু স্নাতকোত্তৰ শাখাত প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰিয়ম জ্যোতি ডেকা আৰু কৃষ্ণাক্ষী বৰাই। 

এই অনুষ্ঠানতে ৮০সংখ্যক মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন বিভাগৰ প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। পাঁচদিনীয়াকৈ আয়োজিত মহাবিদ্যালয় সপ্তাহৰ সামৰণী অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি অধ্যয়নৰত দহ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

nagaon college (autonomous)