/asomiyapratidin/media/media_files/2025/07/13/ccc-2025-07-13-09-47-09.jpg)
ডিজিটেল ডেস্কঃ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গোৰ্লোছাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰি তেওঁক শীঘ্ৰ অপসাৰণৰ দাবী জনাইছে প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰ আৰু ডেনিয়েল লাংথাছাই।
শনিবাৰে এই সন্দৰ্ভত দুয়োগৰাকী নেতাই ৰাজ্যৰ ৰাজ্যপালক সাক্ষাত কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰখনত উল্লেখ থকা অনুসৰি গোৰ্লোছাই মৃত্যুৰ ভাবুকি দিয়াৰ আৰু অবৈধ খননক পৃষ্ঠপোষকতা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
উল্লেখযোগ্য যে, বিগত ১১ জুনত মাইবাং থানাৰ অন্তৰ্গত কাছমাইপুৰ গাঁৱৰ বাসিন্দা ৰূপনজিৎ লাংথাছা নামৰ এজন পিডব্লিউডি ঠিকাদাৰক CEM গোৰ্লোছাই ফোনত হত্যাৰ ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন কৰা হৈছে। ঠিকাদাৰজনে সেই কথোপকথনৰ অডিঅ’ ৰেকৰ্ডিং ৰাখি, ৮ জুলাইত মাইবাং আৰক্ষীত এফআইআৰ দাখিল কৰিছিল।
এই অডিঅ’ ক্লিপত গোৰ্লোছাই "জীৱনৰ দিন গণিবলৈ আৰম্ভ কৰক। আপোনাৰ পিতৃ-মাতৃয়ে কেতিয়াও আপোনাৰ শৰীৰ বিচাৰি নাপাব" বুলি উল্লেখ কৰাৰ পাছতে ঠিকাদাৰগৰাকীয়ে আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে। আনহাতে স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, এইয়া কেৱল মাত্ৰ এটা ঘটনা নহয়। বিগত বছৰত অঞ্চলটোত ১৭ গৰাকী সাধাৰণ নাগৰিকৰ সন্দেহজনক মৃত্যু ঘটিছে।
ইফালে, গোৰ্লোছাৰ সৈতে অবৈধ কয়লা খননৰ সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰে দুয়োগৰাকী নেতাই। বিশেষকৈ চলিত বৰ্ষৰ ৩ এপ্ৰিলত উমৰাংছ’ৰ অবৈধ কয়লা খনি দুৰ্ঘটনাৰ প্ৰসঙ্গত উল্লেখ কৰে। এই দুৰ্ঘটনাত বহু শ্ৰমিক মাটিৰ তলত পুত গৈছিল। এই ঘটনাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গণমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল, কিন্তু আজিলৈকে কোনো জবাবদিহিতা বা তদন্ত প্ৰক্ৰিয়া স্পষ্ট নহল।
স্মাৰকপত্ৰখনত CEM গোৰ্লোছাৰ উত্থাপন কৰা অভিযোগসমূহ ক্ৰমে-
- অপৰাধমূলক ভাবুকি আৰু ক্ষমতাৰ অপব্যৱহাৰ
- বৃহৎ পৰিসৰত দুৰ্নীতি আৰু ধনৰ অপচয়
- চৰকাৰী মাটি অবৈধভাৱে অধিগ্ৰহণ আৰু বিক্ৰী
- অবৈধ খনন কাৰ্য্যকলাপৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা
- প্ৰশাসনিক স্বচ্ছতাৰ পতন
দুই নেতাই দাবী কৰে যে, CEM গোৰ্লোছাৰ নেতৃত্বত ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসনৰ ধাৰণাটো এক প্ৰকাৰৰ একনায়কতালৈ পৰিণত হৈছে। স্মাৰকপত্ৰত ৰাজ্যপালক এই পৰিস্থিতিক “সাংবিধানিক জৰুৰীকাল” হিচাপে বিবেচনা কৰি, CEM গোৰ্লোছাক পদচ্যুত কৰা আৰু উচ্চ পৰ্যায়ৰ স্বতন্ত্ৰ তদন্তৰ নির্দেশ দিয়াৰ বাবে আহ্বান জনায়।