/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/wwxaag7b/ede.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন। ধুবুৰীৰ আৰ আৰ কুট্টি বি এছ এফ কেম্পত উপস্থিত হৈছে ৩১ নং বেটেলিয়ান বি এছ এফৰ সৈতে তেওঁ সীমান্তৰ নিৰাপত্তা সম্পৰ্কে আলোচনাত মিলিত হয়। ৰাজ্যপাল গৰাকীক বি এছ এফ গুৱাহাটী সীমান্তৰ মহাপৰিদৰ্শক শ্ৰীযুত মাক্ৰান্দ দেউস্কৰে উষ্ম আদৰণি জনায়।
ইয়াৰ পাছত তেওঁ BGB অৰ্থাৎ banglades gaurd border ৰ সৈতে সীমান্তৰ জিৰ' লেণ্ডত এখন ফ্লে'গ মিটিঙত অংশগ্ৰহণ কৰে। ১০০১ নং সীমান্ত খুটি পৰিদৰ্শন কৰি ২২ নং বেটেলিয়ান BGB ৰ সৈতে ফুল আদান-প্ৰদান কৰে।
লক্ষণীয় যে সীমান্ত পৰিদৰ্শনৰ উপৰিও তেওঁ সীমান্তবৰ্তী গাঁও এখন পৰিদৰ্শন কৰি গাঁৱৰ ৰাইজৰ সৈতে কিছু সময় মত বিনিময় কৰে। সীমান্তৰ অপৰাধ দমনৰ ক্ষেত্ৰত সীমান্তবৰ্তী ৰাইজ, আৰক্ষীৰ সহযোগত বি এছ এফে একত্ৰিত হৈ কাম কৰিব লাগে বুলি মতামত প্ৰকাশ কৰে। বি এছ এফৰ ফালৰ পৰা ৰাজ্যপাল গৰাকীক গাৰ্ড অফ অনাৰেৰে সন্মানিত কৰা হয়।