Advertisment

বটদ্ৰৱা থানত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য

দুদিনীয়া ভ্ৰমণ সূচীৰে নগাঁও জিলাত উপস্থিত হোৱা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য বৃহস্পতিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি দুপৰীয়া বটদ্ৰৱা থানত উপস্থিত হয়।

author-image
Asomiya Pratidin
New Update
sg

ডিজিটেল সংবাদ, বটদ্ৰৱা : দুদিনীয়া ভ্ৰমণ সূচীৰে নগাঁও জিলাত উপস্থিত হোৱা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য বৃহস্পতিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি দুপৰীয়া বটদ্ৰৱা থানত উপস্থিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হৈ পোনে পোনে কীৰ্তন ঘৰত সেৱা গ্ৰহণ কৰি ভকত বৈষ্ণৱৰ আশীৰ্বাদ লয়। 

Advertisment

অসমীয়া জাতীয় সাজ পৰিধান কৰি উপস্থিত হোৱা ৰাজ্যপালগৰাকীয়ে বটদ্ৰৱা থানৰ আধ্যাত্মিক, নৈসৰ্গিক পৰিবেশ, ভকতৰ নাম কীৰ্তন দৰ্শন কৰি অভিভূত হৈ পৰে। ৰাজ্যপালগৰাকীৰ এই ভ্ৰমণকালত তেওঁ কয়- মই আজি নিজকে ধন্য মানিছো, আজি শংকৰ গুৰুৰ চৰণত সেৱা নিবেদিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ, যাতে অসম ৰাজ্যৰ সেৱা কৰিব পাৰোঁ। ৰাজ্যৰ সুখ- শান্তি আৰু সমৃদ্ধিৰ বাবে মই প্ৰাৰ্থনা জনাইছো বুলি ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। 

থান দৰ্শনৰ পাছত আকাশীগংগাৰ তীৰত ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে।

batadraba