চাবুৱাত উপস্থিত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য

ঐতিহাসিক মায়ামৰা সমাজৰ আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ স্মৃতিত ২০২০ চনতে প্ৰকল্পৰ শুভাৰম্ভ কৰা এই বিশ্ববিদ্যালয়খন কাম-কাজৰ বিশেষ অগ্ৰগতি লাভ কৰা নাই।

author-image
Asomiya Pratidin
New Update
gjhkhkh

ডিজিটেল সংবাদ,চাবুৱাঃ  আজি চাবুৱাত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য।  চাবুৱাৰ দিনজয়ত নিৰ্মাণৰত অৱস্থাত থকা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অগ্ৰগতিৰ বুজ লয় ৰাজ্যপাল গৰাকীয়ে।

Advertisment

প্ৰণিধানযোগ্য যে,ঐতিহাসিক মায়ামৰা সমাজৰ আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ স্মৃতিত ২০২০ চনতে প্ৰকল্পৰ শুভাৰম্ভ কৰা এই বিশ্ববিদ্যালয়খন কাম-কাজৰ বিশেষ অগ্ৰগতি লাভ কৰা নাই। পয়ালগা অৱস্থাতে আছে নিৰ্মাণৰ কাম।

উল্লেখ্য যে, বিগত বৰ্ষৰ মে মাহত পূৰ্বৰ ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়ায়ো এই বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰিছিল। বিশ্ববিদ্যালয় খনৰ প্ৰথম পৰ্য্যায়ৰ আন্তঃগাঠনিৰ কাম ২০২৬ চনৰ আগষ্ট  মাহত সম্পন্ন হব বুলি উপাচাৰ্য্য গৰাকীয়ে জানিবলৈ দিছে।

লক্ষ্মণ প্ৰসাদ আচাৰ্য্য