ৰঙিয়াত ভাৰতীয় শিক্ষণ মণ্ডলৰ অভ্যাস বৰ্গৰ সামৰণিত ৰাজ্যপাল..

ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে শিক্ষাত যিদৰে শিশুৰ শিক্ষা, প্ৰকৃতিক সেৱা কৰা আদি সকলো শিক্ষাৰ জ্ঞান দিব লাগে ঠিক তেনেদৰে ঘৰৰ কামৰ উপৰি সমাজৰ বাবে কাম কৰাৰ শিক্ষা দিয়াও প্ৰয়োজন ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াত ভাৰতীয় শিক্ষণ মণ্ডলৰ সপ্তবিংশতিতম্ অভ্যাস বৰ্গৰ সামৰণিৰ দিনা উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাজ্যিক অভ্যাস বৰ্গৰ সামৰণিত হৰদত্ত বীৰদত্ত ভৱনত পুৱা ১১ বজাত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে ভাষা গৌৰৱ সপ্তাহত মাতৃভাষাৰ প্ৰাসংগিকতা সম্পৰ্কে বহুমূলীয়া ভাষণ ৰাখে।

তদুপৰি পুৰুষ-মহিলাৰ বিপৰীতে সকলোকে ভাই-ভগ্নীৰ সম্বোধন কৰাৰ লগতে শিক্ষণ মণ্ডলৰ পৰাই আচাৰ্য-আচাৰ্যা সম্বোধন কৰে ৰাজ্যপালগৰাকীয়ে । পাশ্চাত্য সংস্কৃতিৰ বিপৰীতে ভাৰতীয় পৰম্পৰা, গতিবিধি আৰু সংস্কৃতিলৈ আত্মনিৰ্ভৰ ভাৰত-বিকশিত ভাৰতৰ সপোনক সাকাৰ ৰূপ দি ভাৰতবৰ্ষক বিশ্ব গুৰুৰ আসনত প্ৰতিষ্ঠা কৰাৰ পোষকতা কৰে তেওঁ ।

ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে শিক্ষাত যিদৰে শিশুৰ শিক্ষা, প্ৰকৃতিক সেৱা কৰা আদি সকলো শিক্ষাৰ জ্ঞান দিব লাগে ঠিক তেনেদৰে ঘৰৰ কামৰ উপৰি সমাজৰ বাবে কাম কৰাৰ শিক্ষা দিয়াও প্ৰয়োজন ।

অকল বিশ্ববিদ্যালয়ৰ শিক্ষা নহয়,আত্মজ্ঞান, সংস্কাৰ আদি থাকিব লাগিব বুলি নিজৰ ভাষণত তেওঁ উল্লেখ কৰে । সভাপতি ড° নীলমোহন ৰায়ৰ সভাপতিত্বত ভাৰতীয় শিক্ষণ মণ্ডলৰ সপ্তবিংশতিতম্ অভ্যাস বৰ্গৰ আদৰণি ভাষণ দিয়ে প্ৰভাত চৌধুৰীয়ে । সামৰণি অনুষ্ঠানত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক দীপক কুমাৰ শৰ্মাই।

ৰঙিয়া ৰাজ্যপাল