/asomiyapratidin/media/media_files/2025/07/04/jnjjj-2025-07-04-11-19-50.jpg)
সামাজিক মাধ্যমৰ বাবে নতুন নীতি প্ৰস্তুত কৰিব কেন্দ্ৰীয় চৰকাৰে
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা সামাজিক মাধ্যমত কৰিব নোৱাৰিব দেশ বিৰোধী মন্তব্য। সামাজিক মাধ্যমত পোষ্ট অথবা শ্বেয়াৰ কৰিব নোৱাৰিব ৰাষ্ট্ৰ বিৰোধী ভিডিঅ’। দেশৰ বিৰুদ্ধে ঘৃণা বিয়পাই দিয়া সকলক দমন কৰিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে। তথ্য অনুসৰি, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইয়াৰ বাবে নতুন নীতিৰ প্ৰস্তুতি চলাইছে। ৰাষ্ট্ৰীয় বিৰোধী কাম কৰা হেণ্ডেলক অচিৰেই বাধা দিয়াৰ লগতে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ছ’চিয়েল মিডিয়াত দেশবিৰোধী মন্তব্য কৰা লোকসকলক নিৰীক্ষণ কৰিবলৈ বিশেষ দল গঠন কৰা হ’ব বুলিও সংসদীয় সমিতিক অৱগত কৰা হৈছে। এনে লোকক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে, খালিস্তানৰ বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুকে ধৰি আন বহু দেশবিৰোধী লোক ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ ঘৃণা বিয়পাই আহিছে। নতুন নীতি অহাৰ পিছত এনে লোকক ৰোধ কৰা হ’ব।
ইফালে সমগ্ৰ বিষয় সন্দৰ্ভত আমেৰিকা চৰকাৰ আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতেও আলোচনা চলি আছে। চিবিআই, এনআইএ, ৰাজ্যিক আৰক্ষী আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত অন্যান্য সংস্থাসমূহে ভাৰত বিৰোধী উপাদানৰ প্ৰচেষ্টা বন্ধ কৰাৰ কৌশলৰ কাম কৰি আছে। অতি সোনকালে এই সমগ্ৰ প্ৰক্ৰিয়া কাৰ্যকৰী হ’ব পাৰে।
উল্লেখযোগ্য যে, পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত অপাৰেচন সিন্দুৰৰ সময়ত ছ’চিয়েল মিডিয়াত বহু ৰাষ্ট্ৰীয় বিৰোধী পোষ্ট শ্বেয়াৰ কৰা হৈছিল। অসমতো এইসময়ছোৱাত দেশ বিৰোধী মন্তব্য কৰি কাৰাগাৰত আছে শতাধিক লোক।