শিক্ষা বিভাগৰ পয়ালগা ৰূপ: শিক্ষক প্ৰশিক্ষণৰ নামত পাঠদান বন্ধ বিদ্যালয়ৰ

শিক্ষা বিভাগৰ পয়ালগা ৰূপ: শিক্ষক প্ৰশিক্ষণৰ নামত পাঠদান বন্ধ বিদ্যালয়ৰ
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত দুজনকৈ শিক্ষক থকাৰ পিছতো বিগত তিনিদিনে উপস্থিত নাই এজনো শিক্ষক। দুজনকৈ শিক্ষক থকাৰ পিছতো চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীক পাঠদান দি আছে মেট্ৰিকৰ দেওনা পাৰ নোহোৱা ১৫০০ টকীয়া এজনী ভাড়াতীয়া শিক্ষয়িত্ৰীয়ে। এই বিষয়টোলৈ বৃহস্পতিবাৰে স্থানীয় ৰাইজ তথা অভিভাৱক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ চিদলী শিক্ষাখণ্ডৰ অধীনস্থ চম্পাবজাৰৰ সমীপৰ ১১৪৭ নং আমলাইগুৰী এলপি স্কুলত।

স্থানীয় অভিভাৱকসকলৰ অভিযোগ যে বিদ্যালয়ৰ প্ৰধান শিক্ষক সুবোধ বসুমতাৰী আৰু সহকাৰী শিক্ষক বিমল মূৰ্মূ যোৱা মঙলবাৰৰ পৰা ৰুণীখাতাত শিক্ষা বিভাগৰ বিভাগীয় পাঁচদিনীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ কাৰণে বিগত তিনিদিন বিদ্যালয়খন শিক্ষক বিহীন চলি আছে। অভিভাৱকসকলৰ মতে বিদ্যালয়খনত দুজন শিক্ষক নিযুক্ত হৈ আছে। তেনেক্ষেত্ৰত বিভাগীয় প্ৰশিক্ষণ বিদ্যালয়ৰ পাঠদান বন্ধ কৰি শিক্ষকসকলক প্ৰশিক্ষণত যোগদান কৰাটো কিমান যুক্তিসংগত বুলি প্ৰশ্ন উত্থাপন কৰে।

তাৰ মাজতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সুবোধ বসুমতাৰী চিআৰচিৰ দায়িত্বত থকা সুবাদত তেখেত প্ৰায়ে বিদ্যালয়ে নাহে বা নিয়মিত পাঠদান নকৰে। কেতিয়াবা আহে যদিও শিক্ষাদানৰ নামত সময় অতিবাহিত বুলি স্বয়ং বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। এতিয়া প্ৰধান শিক্ষক সুবোধ বসুমতাৰীয়ে নিযুক্তি দিয়া মেট্ৰিকৰ দেওনা পাৰ নকৰা এগৰাকী শিক্ষয়িত্ৰীক ১৫০০ টকা মাহিলী দৰমহা দি পাঠদানৰ ব্যবস্থা কৰিছে যিটো স্থানীয় অভিভাৱকসকলে সহজভাৱে ল'ব পৰা নাই।

বিদ্যালয়খনৰ প্ৰধানশিক্ষকৰ দায়িত্বত থকা সুবোধ বসুমতাৰীয়ে স্থানীয় ৰাইজ তথা অভিভাৱক সকলক এন্ধাৰত ৰাখি নিজৰ খেয়াল খুচিমতে পৰিচালনা সমিতি গঠনৰ কৰা, শিক্ষক সকলৰ অনিয়মীয়া উপস্থিতি, শিক্ষাদানৰ নামত ছাত্ৰ ছাত্ৰীক চৰম অৱহেলা, মধ্যাহ্ন ভোজনৰ নামত ব্যাপক খেলিমেলি আদি বিভিন্ন অনিয়ম কৰাৰ বাবে অতিষ্ঠ হৈ ১৯৫৭ চনত স্থাপিত বিদ্যালয়খনত এতিয়া অভিভাৱক সকলে ছাত্ৰ ছাত্ৰীক ভৰ্তি কৰাৰ বিপৰীতে বাধ্য হৈ অইন বিদ্যালয়ত ভৰ্তি কৰিবলগীয়া হৈছে । বৰ্তমান পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে চৰকাৰী নীতি নিয়ম অনুসৰি বিদ্যালয় এখন নূন্যতম যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী থাকিব লাগে সেয়াও এতিয়া নাই ।

আজিৰ দিনত এই ৬৭ বছৰীয়া বিদ্যালয়খনত 'ক' শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছেগৈ মাত্ৰ ১৮ জন । আজি এই বিদ্যালয়খনৰ যি দুৰবস্থা হৈছে ইয়াৰ বাবে একমাত্ৰ দায়ী প্ৰধান শিক্ষক সুবোধ বসুমতাৰী বুলি অভিযোগ উত্থাপন কৰে । ইয়াৰ মাজতে বিদ্যালয়খনত চলিথকা নিম্ন মানদণ্ডৰ শিক্ষা ব্যবস্থা উন্নতি কৰিবলৈ সভা অনুষ্ঠিত কৰি নতুন পৰিচালনা সমিতি গঠন কৰাৰ বাবে ৰাইজৰ পৰা প্ৰধানশিক্ষক গৰাকীক কেইবাবাৰো অনুৰোধ কৰা হৈছিল কিন্তু প্ৰধানশিক্ষক সুবোধ বসুমতাৰীয়ে ৰাইজৰ কথাত কোনো গুৰুত্বাৰোপ কৰা নাই বুলি সভাপতি আৰু স্থানীয় অভিভাৱক সকলে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে । স্থানীয় ৰাইজৰ দাবী জিলা শিক্ষা বিভাগৰ পৰা এই পিছপৰা অঞ্চলটোৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষা ভবিষ্যতৰ কথা চিন্তা কৰি অতিশীঘ্ৰেই বিভাগীয় বাবে ব্যবস্থা কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় ।

শিক্ষা বিভাগৰ পয়ালগা ৰূপ: শিক্ষক প্ৰশিক্ষণৰ নামত পাঠদান বন্ধ বিদ্যালয়ৰ
হিমন্ত বিশ্বক অপসাৰণৰ দাবী জনাই ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ বিৰোধী ঐক্য মঞ্চৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in