New Update
/asomiyapratidin/media/media_files/2025/03/24/unhUInEFrEOM8wQb3MXI.jpg)
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে পি এল আই আচঁনিৰ জৰিয়তে ১০টা বিশেষ খণ্ডত প্ৰদান কৰিছে প্ৰায় ১৪,০২০ কোটি টকা। এই ১০টা খণ্ডত ইলেক্ট্ৰনিকছ উৎপাদন, আইটি হাৰ্ডৱেৰ, বাল্ক ঔষধ, চিকিৎসা সঁজুলি, ঔষধ, টেলিকম আৰু নেটৱৰ্কিং সামগ্ৰী, খাদ্য প্ৰক্ৰিয়াকৰণ, বগা সামগ্ৰী, অটোম’বাইল আৰু অটো উপাদানৰ লগতে ড্ৰ’ন আৰু ড্ৰ’নৰ উপাদানকে ধৰি ১০টা মূল খণ্ড সামৰি লয়। ২০২১ চনত আৰম্ভ হোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতৰ উৎপাদন খণ্ডক শক্তিশালী কৰাৰ লগতে ৰপ্তানি বৃদ্ধি কৰা বুলি শনিবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে ঘোষণা কৰে।
এই আঁচনিৰ অধীনত ১৪টা খণ্ডৰ বাবে মুঠ ৭৬৪টা আবেদন অনুমোদন কৰা হৈছে, য’ত আছে ১৭৬টা ক্ষুদ্ৰ, ক্ষুদ্ৰ, আৰু মজলীয়া উদ্যোগ (এমএছএমই) বাল্ক ড্ৰাগছ, মেডিকেল ডিভাইচ, ফাৰ্মাচিউটিকেলছ, টেলিকম, বগা সামগ্ৰী, খাদ্য প্ৰক্ৰিয়াকৰণ, বস্ত্ৰশিল্প, আৰু ড্ৰ’ন আদি উদ্যোগত।
২০২৪ চনৰ নৱেম্বৰ মাহলৈকে প্ৰায় ১.৬ লাখ কোটি টকা (১৮.৭ বিলিয়ন ডলাৰ) প্ৰকৃত বিনিয়োগৰ ৰিপৰ্ট পোৱা গৈছে, যাৰ ফলত ১৪ লাখ কোটি টকা (১৬২.৮ বিলিয়ন ডলাৰ) মূল্যৰ উৎপাদন আৰু বিক্ৰী হৈছে, যিটো ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা ১৫.৫ লাখ কোটি টকাৰ লক্ষ্যৰ ওচৰ চাপিছে।
এই আঁচনিখনে ১১.৫ লাখৰো অধিক লোকৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সুবিধাও সৃষ্টি কৰিছে। ইয়াৰ উপৰিও বিশেষ তীখাৰ বাবে পিএলআই আঁচনিৰ ভিতৰত প্ৰতিশ্ৰুতিবদ্ধ ২৭,১০৬ কোটি টকাৰ ভিতৰত ২০ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে, যাৰ ফলত ৯ হাজাৰ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি হৈছে।