ডিজিটেল ডেস্ক : দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধক ড০ মনমোহন সিঙৰ মৃত্যুত শোকস্তৱদ্ধ দেশবাসী। সমান্তৰালকৈ দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগতে আন আন ভিন্ন ক্ষেত্ৰৰ লোকসকলেও প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে প্ৰমুখ্য কৰি আন আন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা ৱাদ্ৰা গান্ধী, কে চি বেণুগোপাল, গুলাম নবী আজাদ তথা আন আন নেতা- কৰ্মীসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ড০ সিঙৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। ই অতিকৈ বেদনাদায়কৰ লগতে কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি বুলি মন্তব্য কৰে বেণুগোপালে।
আনহাতে ৰাহুল গান্ধীয়ে অভিভাৱক আৰু দিকদৰ্শক হেৰুওৱা বুলি মন্তব্য কৰে। ছোনিয়া গান্ধীয়েও কংগ্ৰেছ পৰিয়ালৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। ইয়াৰ উপৰি দলৰ আন আন নেতাসকলেও গভীৰ শোক প্ৰকাশ কৰে।
ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান জনাই শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এক ঘোষণা ৰাজহুৱা কৰিছে। চৰকাৰী ঘোষণা অনুসৰি ২৬ ডিচেম্বৰৰ পৰা ২০২৫ৰ ১ জানুৱাৰীলৈকে পালন কৰিব ৰাষ্ট্ৰীয় শোক দিৱস। লগতে এই কেইটা দিনত দেশত কোনো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰে। পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচীসমূহো বাতিল কৰা বুলি ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে।
কেৱল ইমানেই নহয়, কংগ্ৰেছেও বাতিল কৰিছে দলীয় কাৰ্যসূচী। ২৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী বাতিল কৰা বুলি সাধাৰণ সম্পাদক কে চি বেণুগোপালে জানিবলৈ দিয়ে। দলটোৱে আগন্তুক ৭দিনৰ বাবে কোনো কাৰ্যসূচী পালনৰ পৰা বিৰত থাকিব বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে শুকুৰবাৰে দিনৰ ১১-০০ বজাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠকত প্ৰাক্তন প্ৰধানমন্ত্ৰাগৰাকীৰ প্ৰতি সন্মান জনাই ঘোষণা কৰা হ’ব ৰাষ্ট্ৰীয় শোক। ইয়াৰ উপৰি ড০ সিঙৰ অন্ত্যোষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি চৰকাৰী সূত্ৰে জানিব পৰা গৈছে।
শনিবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। অৱশ্যে ইয়াৰ আগেয়ে জনসাধাৰণৰ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে মতিলাল নেহৰু মাৰ্গত থকা বাসগৃহত নশ্বৰদেহ ৰখা হ’ব। ইয়াতেই সকলোৱে ড০ মনমোহন সিঙৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিব।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বৃহস্পতিবাৰে নিশা দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ।