/asomiyapratidin/media/media_files/2025/09/27/gaurav-27-2025-09-27-12-54-15.jpg)
ডিজিটেল সংবাদ লখিমপুৰঃ অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এটা অতি ভাল খবৰ৷ আমেৰিকাৰ ফিল্ম ফেছটিভেলত প্ৰদৰ্শিত হ’ব গৌৰৱ বৰুৱা পৰিচালিত ʼThe Passing Clouds' নামৰ অসমীয়া চুটি ছবিখন৷আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনস্থিত Seattle আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ "20th Tasveer Film Festival&Market ত প্ৰদৰ্শনৰ বাবে অধিকাৰীক ভাবে নিৰ্বাচিত হৈছে।
মহোৎসৱখন অহা ৮ অক্টোবৰৰ পৰা ১ ২অক্টোবৰলৈ চলিব। ছবিখনৰ কনচেপ্ট হৈছে এজন নিবনুৱা যুৱকৰ জীৱনত ঘটা অভাৱ অনাটন, প্ৰেমত প্ৰতাৰণা ইত্যাদিৰ এটা কৰুণ কাহিনী।ছবিখনৰ কাহিনী লিখিছে প্ৰানদীপ দস্তীদাৰ আৰু গৌৰৱ বৰুৱাই।
ছবিখন নিৰ্মাণো কৰিছে দুয়োৱে যুটিয়াভাৱে। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ গোস্বামীয়ে। অনান্য চৰিত্ৰত আছে ড০ অনুপম কে বৰা, দীপাঞ্জলী বৰপাত্ৰ গোঁহাই, পূৰবী বুঢ়া গোহাঁই আৰু হীৰক। ফটোগ্ৰাফীত মুখ্য হিচাবে আছে ধ্ৰুৱ। অনান্য কলা কুশলীসকলে ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।
উল্লেখযোগ্য ইয়াৰ আগতেও গৌৰব বৰুৱাৰ দ্বাৰা পৰিচালিত "The Silence In The Wind" নামৰ চুটি ছবিখনে আমেৰিকা, ইটালী আদি দেশৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু বিশেষ সমাদৰ লাভ কৰিছিল। গৌৰব বৰুৱা বৰ্তমান বেংগালুৰুস্থিত এটা বহু ৰাষ্ট্ৰীয় কোম্পানীত কৰ্মৰত।