/asomiyapratidin/media/media_files/2025/03/15/omlGMOGxzMwty2eiFzPl.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : গুৰুজনাই দেখুৱাই যোৱা মহান ঐতিহ্যক সৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতি তথা ৰীতি- নীতিক মূল ভেটি হিচাপে লৈ প্রতিবছৰৰ দৰে এইবাৰো বটদ্রৱাত মহাড়ম্বৰপূৰ্ণভাৱে দৌল যাত্ৰা মহোৎসৱ ১৩ মাৰ্চৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে চলি আছে। আজি কাৰ্যসূচীৰ তৃতীয় দিনা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসৱৰ মূল আৰ্কষণ গোসাঁই ফুৰোৱা উৎসৱ।
বিয়লি গায়ন- বায়নে গুৰুঘাট, চাহিনী, ধেমালি গাই, ৰচক তালৰ “বাইৰ হুয়া দেখো সই, এ সুন্দৰ নন্দেৰ বালা”-শীৰ্ষক গীত গাই গাই চোঁৱৰেৰে বা দি দি ভকত-বৈষ্ণৱে সিংহাসনত বহুৱাই বংশী গোপাল গোসাঁইক কান্ধত লৈ ৰভাতলৰ পৰা উলিয়াই ধুলীয়া, কালিয়া, ছত্ৰ, দণ্ড, চক্ৰ, ভেৰু, কালি, সো-মুখ, শংখৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নাম, আয়তী-নামতীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ বৰ্নাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমন্বয়ৰ সমাহাৰেৰে ফাকুৰ গুড়ি সিঁচি সিঁচি দৌললৈ যাত্রা কৰে।
দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিণ কৰোৱা লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱে ফাকু খেলি হৰি নামৰ অমৃত ৰসৰ মাজেৰে ৰং ধেমালি কৰি নৃত্য গীতত বিলিন হৈ এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰে। শিশু বৃদ্ধ সকলোৱে আনন্দত আত্মহাৰা হৈ কৃষ্ণ নামৰে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা আকাশ -বতাহ মুখৰিত কৰি তোলে।