kokrajhar User
পূজাৰ মাজতে গোসাঁইগাঁৱত আটক অস্ত্ৰধাৰী লোক।
আটক হোৱা অস্ত্ৰধাৰীলোকজনৰ নাম মানোবাৰ হুছেইন।
২৯ ছেপ্টেম্বৰৰ এক গুলী চালনাৰ ঘটনাৰ তদন্তৰ অন্তত আটক কৰা হৈছে মানোবাৰ হুছেইনক।
২৯ ছেপ্টেম্বৰত দুৰ্বৃত্তৰ গুলীত আহত হৈছিল জহিৰুল ইছলাম নামৰ এজন লোক।
তেলীপাৰাত দুৰ্বৃত্তৰ গুলীত আহত হৈছিল জহিৰুল।
জানিব পৰা মতে আৰক্ষীয়ে সেৰফাংগুৰিত আত্মগোপন কৰি থকাৰ পৰা আৰক্ষীয়ে আটক কৰিছে মানোবাৰ হুছেইনক।
মানোবাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটি পিষ্টল আৰু দুটা সজীৱ গুলী।