/asomiyapratidin/media/media_files/2025/03/21/gVmsxofjqcV6cYc6wLPm.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ গোমাতা সুৰক্ষাৰ নামত বিজেপি চৰকাৰ যিমানেই কঠোৰ আইন প্ৰণয়ন নকৰক কিয়,
ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তেয়েদি অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ। ধুবুৰীৰ ফকিৰগঞ্জত প্ৰতি মঙল আৰু শনিবাৰে সপ্তাহিক বজাৰ অনুষ্ঠিত কৰা হয়।
একেদৰে গোৱালপাৰা জিলাৰ জলেশ্বৰ, গৌৰনগৰতো সপ্তাহত এদিন সপ্তাহিক বজাৰ অনুষ্ঠিত কৰা হয়। প্ৰতিখন সপ্তাহিক বজাৰৰ পৰা বজাৰৰ দিনা শ শ গৰু দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ পাটাকাটা আৰু হাজিৰহাটলৈ অনা হয়। প্ৰতিদিনে প্ৰায় একেধৰনৰ মানুহে সপ্তাহিক বজাৰৰ পৰা পাটাকাটা আৰু হাজিৰহাটলৈ গোমাতা আনি জমা কৰে
কিন্তু পাটাকাটা আৰু হাজিৰহাটত জমা কৰা শ শ গৰু ক’লৈ যায় ? দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক আমানুৰ উদ্দীন আহমেদে জিলা আৰক্ষীলৈ এই প্ৰশ্ন উত্থাপন কৰি বিশেষকৈ দক্ষিণ শালমাৰা আৰক্ষীৰ বিৰুদ্ধে গো-মাতাৰ চোৰাং কাৰবাৰক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।
পশুধন সুৰক্ষা আইন ১৯৬০ আৰু ২০২১ সম্পূৰ্ণৰূপে ভংগ কৰাৰ লগতে আৰক্ষীক মেনেজ কৰি গোমাফিয়াই বাংলাদেশলৈ পশুধনৰ চোৰাং কাৰবাৰ চলাই থকা বুলি বিজেপিৰ প্ৰাক্তন সম্পাদকজনে অভিযোগ তুলিছে। ইতিমধ্যে ১৯ মাৰ্চত বিজেপিৰ নেতাজনে জিলা আৰক্ষী অধীক্ষকক এখন লিখিত অভিযোগ দাখিল কৰিছে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক আমানুৰ উদ্দীন আহমেদে জিলা আৰক্ষীলৈ এই প্ৰশ্ন উত্থাপন কৰি বিশেষকৈ দক্ষিণ শালমাৰা আৰক্ষীৰ বিৰুদ্ধে গো-মাতাৰ চোৰাং কাৰবাৰক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।পশুধন সুৰক্ষা আইন ১৯৬০ আৰু ২০২১ সম্পূৰ্ণৰূপে ভংগ কৰাৰ লগতে আৰক্ষীক মেনেজ কৰি গোমাফিয়াই বাংলাদেশলৈ পশুধনৰ চোৰাং কাৰবাৰ চলাই থকা বুলি বিজেপিৰ প্ৰাক্তন সম্পাদকজনে অভিযোগ তুলিছে
ইতিমধ্যে ১৯ মাৰ্চত বিজেপিৰ নেতাজনে জিলা আৰক্ষী অধীক্ষকক এখন লিখিত অভিযোগ দাখিল কৰিছে। দাখিল কৰা অভিযোগ পত্ৰখনত উল্লেখ কৰা মতে, দক্ষিণ শালমাৰাৰ এল এণ্ড টি (L&T) দলঙৰ কাষত দক্ষিণ শালমাৰা আৰক্ষী বাহৰ পাতি থাকি সপ্তাহিক বজাৰৰ পৰা অহা গৰুৰ চালান সমূহ পৰীক্ষা কৰে। ধুবুৰী আৰু গোৱালপাৰাৰ ভিতৰুৱা অঞ্চলত সপ্তাহত বিভিন্ন এলেকাত প্ৰায় ৪-৫ দিন সপ্তাহিক বজাৰ অনুষ্ঠিত কৰা হয়।
প্ৰতিখন সপ্তাহিক বজাৰৰ পৰা এখন জিলা অতিক্ৰম কৰি আনএখন জিলালৈ অৰ্থাত বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলালৈ শ শ গৰু অনা হয়। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে আৰক্ষীয়ে এল এণ্ড টি দলঙৰ ওচৰত বাহৰ পাতি কেৱল বজাৰৰ চালান পৰীক্ষা কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে।
বিপৰীতে বাংলাদেশ সীমান্তৱৰ্তী জিলাখনলৈ ৰহস্যজনক ভাৱে অহা শ শ গৰু প্ৰকৃততে কলৈ নিয়া হয় তাক লৈ আৰক্ষীয়ে কোনোধৰণৰ তদন্ত নকৰাত ৰহস্যৰ সৃষ্টি হোৱা বুলিও জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক জনে অভিযোগ আনিছে।
বিজেপি শাসনাধীন চৰকাৰৰ আৰক্ষীক মেনেজ কৰি পাটাকাটা, হাজিৰহাট এলেকাৰ পৰা শ শ গোমাতাক প্ৰায় প্ৰতিদিনে বাংলাদেশলৈ সৰবৰাহ কৰাৰ অভিযোগ তুলিছে স্বয়ং জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক জনে। এই ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষকে বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ অভিযোগ কিদৰে তদন্ত কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us