আজি গৰু বিহু...

আজি গৰু বিহু। চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু ।

author-image
Asomiya Pratidin
New Update
7004bfa0-5d95-4758-b5dc-a26bf3e66891

ডিজিটেল ডেস্কঃ আজি গৰু বিহু। চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু ।

Advertisment

গাওঁৰ কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি মানি  সোমবাৰে পালন কৰিছে গৰু বিহু । কৃষকসকলে পুৱাতেই ওচৰৰ নৈ বিল পুখুৰীত গা ধুৱাই । গা ধুৱাই লাওঁ বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।

গৰু বিহু উদযাপনৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়। লোক বিশ্বাস অনুসৰি, গৰুক বন্ধা নতুন পঘাত মাহ, হালধি, তেল সানি দিলে গৰুৰ বহু ৰোগ প্ৰতিৰোধ হয়। গৃহস্থই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়াৰ পৰম্পৰাও আছে। অসমবাসীৰ মাজত ইয়াক 'জাগ দিয়া' বুলি কোৱা হয়।

ইফালে মঙলবাৰে ৰাজ্যত পালন কৰা হ'ব মানুহ বিহু। বিহুক লৈ চাৰিওফালে উৎসাহ উদ্দীপনা দেখা গৈছে। মানুহসকল চহৰ এৰি গাঁৱলৈ ঢাপলি মেলিছে। অসমীয়াৰ বাপতি সাহোন বিহুটিলৈ এতিয়া সকলোৰে মনত উছাহ উদ্দীপনা।

গৰু বিহু