গড়গাঁও কলেজ টি ১০ মেগা লীগ-২০২৫ শুভাৰম্ভ

গড়গাঁও মহাবিদ্যালয় ক্ৰীড়া একাডেমিৰ উদ্যোগত ভাৰতীয় ক্ৰিকেটৰ বাণিজ্যিক সংস্কৰণবোৰৰ আৰ্হিত 'গড়গাঁও কলেজ টি ১০ মেগা লীগ-২০২৫' নামেৰে ক্ৰিকেট প্ৰতিযোগিতাখন আজি শুভ উদ্বোধন হৈ যায়।

author-image
Asomiya Pratidin
New Update
xc

ডিজিটেল সংবাদ, শিৱসাগৰঃ  ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ে শৈক্ষিক দিশৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত পৰিৱেশ সৃষ্টিৰ অৰ্থে এখন আকৰ্ষণীয় ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ কৰিছে। গড়গাঁও মহাবিদ্যালয় ক্ৰীড়া একাডেমিৰ উদ্যোগত ভাৰতীয় ক্ৰিকেটৰ বাণিজ্যিক সংস্কৰণবোৰৰ আৰ্হিত 'গড়গাঁও কলেজ টি ১০ মেগা লীগ-২০২৫' নামেৰে ক্ৰিকেট প্ৰতিযোগিতাখন আজি শুভ উদ্বোধন হৈ যায়।

Advertisment

 প্ৰতিযোগিতাখন উদ্বোধন কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই শিক্ষানুষ্ঠানখনৰ শৈক্ষিক উত্তৰণৰ সমান্তৰালভাৱে ক্ৰীড়াৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহে শিক্ষাৰ্থীৰ সামূহিক উত্তৰণত নতুন দিশৰ সূচনা কৰিব বুলি আশা ব্যক্ত কৰে। তেওঁ লগতে প্ৰতিযোগিতাখনে মহাবিদ্যালয়ত এটা শক্তিশালী ক্ৰিকেট দল প্ৰস্তুত কৰাত সহায় হ'ব বুলি দোহাৰে।

মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ মুৰব্বী তথা গড়গাঁও মহাবিদ্যালয়ৰ ক্ৰীড়া একাডেমিৰ ক্ৰিকেট শাখাৰ সম্পাদক ড০ বলোৰাম দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ তথা গড়গাঁও মহাবিদ্যালয় ক্ৰীড়া একাডেমিৰ আহ্বায়ক দিগন্ত কোঁৱৰ, একাডেমিৰ সম্পাদকদ্বয় ড০ আৰাণ্ডাউ নাৰ্জাৰী , গৌতম হাজৰিকাকে প্ৰমুখ্যে কৰি ভালে সংখ্যক অধ্যাপক- অধ্যাপিকা, শিক্ষাৰ্থী, ক্ৰীড়ানুৰাগী লোক উপস্থিত থাকে।

উদ্বোধনী খেলত গদাধৰ একাদশ আৰু গড়গাঁও ৰেনঞ্জাৰ্চ অৱত্তীৰ্ণ হয়। অনাগত দিনত গড়গাঁও ৱাৰিয়ৰ্চ, ফেচবুক ইলেভেন, গড়গাঁও ৰেনঞ্জাৰ্চ, ৰংপুৰ ইলেভেন, গদাধৰ ইলেভন, ৰুদ্ৰ সিংহ ইলেভেন, ফেয়াৰলেচ ষ্টাইকাৰ, হেড হান্টাৰ, ঠাণ্ডাৰ ৱকচ, কাৰেং ইলেভনৰ মাজত খেলসমূহ অনুষ্ঠিত হ'ব।

উল্লেখযোগ্য যে প্ৰতিটো দলৰ মালিকীস্বত্ব আৰু মেন্টৰিং মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ অধ্যাপক- অধ্যাপিকাসকলে নিজেই বহন কৰাত শিক্ষাৰ্থী- খেলুৱৈসকলৰ মাজত উৎসাহ দুগুণ বৃদ্ধি পাইছে। গড়গাঁও মহাবিদ্যালয়ৰ ক্ৰীড়া একাডেমিৰ উদ্যোগত অনাগত দিনত ফুটবল, বেডমিন্টন, ৰছী টনা আদি বিভিন্ন খেল অনুষ্ঠিত কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

শিৱসাগৰ