/asomiyapratidin/media/media_files/2025/04/12/EUlr3gy71tkXsEUlF2Hx.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : অসমীয়া জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এনাজৰীডাল অধিক কটকটীয়া কৰিব লাগিব ৷ সমন্বয়ৰ এনাজৰী কটকটীয়া হ’লেহে বৰ অসমৰ মানচিত্ৰ অটুট থাকিব ৷ - এই মন্তব্য নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সদানন্দ পায়েঙৰ ৷
শনিবাৰে নগাঁৱৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত মহাবিদ্যালয় এন এছ এছ আৰু এন চি চি বাহিনীৰ সহযোগত আয়োজিত প্ৰাক্ ৰঙালী বিহু শীৰ্ষক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গীতে মাতে ভাষণ প্ৰদান কৰে অধ্যক্ষ ড০ সদানন্দ পায়েঙে ৷ অনুষ্ঠানত বিশিষ্ট বিহু শিল্পী অনুপ বৰুৱা উপস্থিত থাকি কয় যে, বৰ্তমানৰ বিহু কৰ্মশালা বহুত হৈছে যদিও সেই কৰ্মশালাসমূহৰ পৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কিমান উপকৃত হৈছে বা বিহু সম্পৰ্কত প্ৰকৃত বিহুৰ ওপৰত কিমান জ্ঞান লাভ কৰিব পাৰিছে সেইটোহে ডাঙৰ কথা ৷
অনুষ্ঠানত ধিং মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড০ স্নিগ্ধা মহন্তই কয় যে, বিহু প্ৰকৃতিৰ লগত সংপৃক্ত ৷ বিহুৰ লগত প্ৰকৃতিৰ ওতঃপ্ৰোতঃ সম্পৰ্ক আছে ৷ প্ৰাক ৰঙালীৰ অনুষ্ঠানত আন এজন বিশিষ্ট অতিথি তথা জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে, বিহুক বাদ দি অসমৰ জাতীয় জীৱনৰ ঐতিহ্যৰ কথা ভাবিব নোৱাৰি ৷ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বহাগ বিহুক নিজা ধৰ্মীয় ধাৰনা আৰু ৰীতি-নীতি পৰম্পৰাৰে পালন কৰি আহিছে ৷ সেই বাবে ব’হাগ বিহু প্ৰতিটো জাতি জনগোষ্ঠীৰে প্ৰাণৰ উৎসৱ।
অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মৃগাংক শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰি কয় যে, বিদ্যালয়- মহাবিদ্যালয়ত প্ৰাক্ ৰঙালী বিহু উদযাপন কৰি বিহুৰ স্বকীয়তা অটুত ৰাখিবলৈ বৰ্তমান প্ৰজন্মৰ মাজত প্ৰয়াস কৰা হৈছে ৷ ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে বিহুৰ প্ৰকৃত আনন্দ উপভোগ কৰিবলৈ সক্ষম হ’ব ৷ মহাবিদ্যালয়ৰ অধ্যাপিকা জুমি কলিতাই আঁত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কাৰ্বি জনগোষ্ঠীৰ নৃত্য, জেং বিহু, মুকলি বিহু, কোচ ৰাজবংশী নৃত্যকে ধৰি বিভিন্ন নৃত্য আদি পৰিৱেশন কৰে ৷
অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ বি বি এৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখনি প্ৰদৰ্শনীৰো আয়োজন কৰা হয় ৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ মৃদুল মহন্ত, মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা, ছাত্ৰ একতা সভাৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰীসকলৰ লগতে অংগাভিনয় সঞ্চালক বনশ্ৰী শৰ্মা উপস্থিত থাকে ৷