Advertisment

লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী : গল শূন্যভাৱে সমাপ্ত মুছলপুৰ ইয়াং এলেভেন ক্লাব আৰু ডুমনি স্পৰ্টছ ক্লাবৰ খেল

বাক্সা জিলাৰ বৰমাৰ কালজাৰ জুলি মৈদান ষ্টেডিয়ামত চলি আছে ২০ সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী,২০২৫।

author-image
Asomiya Pratidin
New Update
গল শূন্যভাৱে সমাপ্ত মুছলপুৰ ইয়াং এলেভেন ক্লাব আৰু ডুমনি স্পৰ্টছ ক্লাবৰ খেল

গল শূন্যভাৱে সমাপ্ত মুছলপুৰ ইয়াং এলেভেন ক্লাব আৰু ডুমনি স্পৰ্টছ ক্লাবৰ খেল

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ বৰমাৰ কালজাৰ জুলি মৈদান ষ্টেডিয়ামত চলি আছে ২০ সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী,২০২৫। বাক্সা জিলাভিত্তিক এই ফুটবল খেলখনত শুকুৰবাৰে মুছলপুৰ ইয়াং এলেভেন ক্লাব আৰু ডুমনি স্পৰ্টছ ক্লাবৰ মাজত ২-২ গল আৰু আঞ্চলিক নিউ ভাস্কৰ ক্লাব আৰু বৰমা ইউনাইটেড এফ চিৰ মাজত ০-০ গলত খেলখন অন্ত পৰে ।

Advertisment
লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী
লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী

 

উল্লেখযোগ্য যে খেলখন সঞ্চালনা কৰে ৰাজেন দাস, বুদ্ধ বসুমতাৰী, বিপুল বৈশ্য আৰু মৃদুল বসুমতাৰীয়ে । ইফালে শনিবাৰৰ পৰা অনুষ্ঠিতব্য খেলখনত পুৱা নৰ্থ ইষ্ট ক্লাব সুৱণখাটা আৰু বৰমা ইউনাইটেড এফচিৰ মাজত আৰু বাক্সা ভিএচএ আৰু মংগলীয়ান স্পৰ্টছ ক্লাবৰ মাজত খেলখন অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

baksa football ASSAM FOOTBALL ASSOCIATION