/asomiyapratidin/media/media_files/2024/12/11/rMHPhjpp6aneOnZnHMuF.jpg)
ডিজিটেল ডেস্কঃ ২০২৪ত গুগলত কি বিষয় আৰু কোন ব্যক্তিক সৰ্বাধিক ছাৰ্চ কৰিলে ভাৰতত। শেহতীয়াকৈ গুগল কৰ্তৃপক্ষই জাৰি কৰিছে এই তালিকা। ২০২৪ত গুগলত সৰ্বাধিক ছাৰ্চ কৰিছিল লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণক লৈ। HOW TO VOTE LOKSABHA- বুলি গুগলত সৰ্বাধিক ছাৰ্চ কৰিছিল ২০২৪ত।
২৪ৰ বৰ্ষটোত ভাৰতত সৰ্বাধিক ছাৰ্চ কৰা ব্যক্তিগৰাকী আছিল বিনেশ ভাগেট। গুগলৰ ছাৰ্চ ইঞ্জিনত একেবাৰে শীৰ্ষস্থানত নাম থাকিল বিনেশ ভাগেটৰ। ৰাজনৈতিক নেতাসকলৰ ভিতৰত সৰ্বাধিকস ছাৰ্চ কৰিছিল নীতিশ কুমাৰক। তৃতীয় স্থানত আছে চিৰাগ পাছোৱান। ক্ৰীড়াজগতৰ হাৰ্দিক পাণ্ডিয়া, অধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পৱন কল্যাণ, শশাংক সিং, পুনম পাণ্ডে, ৰাধিকা মাৰ্চেট, ক্ৰিকেটাৰ অভিষেক শৰ্মা আৰু বেডমিন্টন খেলুৱৈ লক্ষ্য সেনকো ২০২৪ত খুবেই ছাৰ্চ কৰিছিল মানুহে।
২০২৪ত গুগলত সৰ্বাধিক ছাৰ্চ কৰা খাদ্যৰ ভিতৰত আছিল আমৰ আছাৰ কেনেকৈ প্ৰস্তুত কৰে। আনহাতে সৰ্বাধিক মিম ছাৰ্চ কৰিছিল ৰিলেশ্যনশ্বীপক লৈ।