Advertisment

Googleত এইবোৰ চাৰ্ছ কৰিলে ১০লাখ টকাৰ জৰিমনাৰ লগতে জেইল...

এতিয়া ডিজিটেল যুগ। নিবিচাৰিলেও পুৱাৰে পৰা ৰাতি শুৱাপাটিত পৰা লৈকে প্ৰতিজন লোকৰে সংগী হৈ পৰিছে মোবাইল ফোনটো। কিন্তু আপুনি মোবাইল ব্যৱহাৰ কৰোতে সকলো ক্ষেত্ৰতে সাৱধান হৈ চলাতো খুবেই প্ৰয়োজন। বিশেষকৈ গুগলত যিকোনো বিষয় চাৰ্ছ কৰাৰ সময়ত সৰ্তকতা অৱলম্বন কৰক।

author-image
Asomiya Pratidin
New Update
এতিয়া ডিজিটেল যুগ

এতিয়া ডিজিটেল যুগ Photograph: (এতিয়া ডিজিটেল যুগ)

ডিজিটেল ডেস্কঃ এতিয়া ডিজিটেল যুগ। নিবিচাৰিলেও পুৱাৰে পৰা ৰাতি শুৱাপাটিত পৰা লৈকে প্ৰতিজন লোকৰে সংগী হৈ পৰিছে মোবাইল ফোনটো। কিন্তু আপুনি মোবাইল ব্যৱহাৰ কৰোতে সকলো ক্ষেত্ৰতে সাৱধান হৈ চলাতো খুবেই প্ৰয়োজন। বিশেষকৈ গুগলত যিকোনো বিষয় চাৰ্ছ কৰাৰ সময়ত সৰ্তকতা অৱলম্বন কৰক।

Advertisment

যদিহে আপুনি গুগলত আপুনি আপত্তিজনক কিছু বিষয় চাৰ্ছ কৰে তেন্তে আপোনাৰ জেইল যাত্ৰাৰ লগতে ভৰিব লগা হব পাৰে লক্ষাধিক টকাৰ জৰিমনা। জানি লওঁ আহকচোত কি কি বিষয় চাৰ্ছ কৰিলে আপুনি বিপদত পৰিব পাৰে।

গুগলত যদিহে আপুনি কোনো পাইৰেচি কৰা ছবিৰ সংক্ৰান্তত চাৰ্ছ কৰে তেন্তে বিপদত পৰিব পাৰে। ইয়াৰোপৰি চাইল্ড পৰ্ণ, বোমা অথবা অস্ত্ৰ তৈয়াৰ কৰা পদ্ধতি, গৰ্ভপাত নতুবা ক্ৰিমিনেল এক্টিভিটিছৰ বিভিন্ন বিষয় চাৰ্ছ কৰে তেন্তে আপুনি আইনী আওঁতাত পৰি জেইলৰ লগতে জৰিমনা বিহিব লগাও হব পাৰে।

ছবি পাইৰেচিক লৈ গুগলত যদি আপুনি চাৰ্ছ কৰে তেন্তে জেইলৰ লগতে ১০লক্ষাধিক টকা পৰ্যন্ত জৰিমনাও ভৰিব লগা হব পাৰে। চাইল্ড পৰ্ণ আপুনি যদি চাৰ্ছ কৰে তেনে ক্ষেত্ৰত আইনী আওঁতা আপুনি জামিনবিহীন ধাৰাৰ লগতে ৬-৭বছৰ পৰ্যন্ত জেইল খাটিব লগা পৰিস্থিতিৰ উদ্ভৱ হব পাৰে।

ইয়াৰো পৰি যদিহে আপুনি গুগলত বিভিন্ন ক্ৰিমিনেল এক্টিভিটি অৰ্থাত কোনো ধৰ্ষণ পীড়িতাৰ নাম পৰিচয় আদি চাৰ্ছ কৰে তেন্তে আপুনি জেইল, জৰিমনাৰ দৰে শাস্তিৰ সন্মুখীন হব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সদায়েই সৰ্তক হৈ থাকক, নতুবা আপুনি যিকোনো বিপদৰ সন্মুখীন হব পাৰে।

ডিজিটেল ইণ্ডিয়া