/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/google-doodle-20th-birthday.jpg)
ডিজিটেল ডেস্কঃ কুৰি বছৰীয়া হ'ল গুগ'ল। এক বিশেষ ভিডিঅ' ডুড'লৰ জৰিয়তে গুগলে উদযাপন কৰে ২০ বছৰীয়া জন্ম দিন। বিশ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে প্ৰস্তুত কৰা হৈছে ডুড'ল হিচাপে পোষ্ট কৰা ১.৩৭ মিনিটৰ এই ভিডিঅ'টো।
আৰম্ভণিৰ কষ্টকৰ দিনবোৰৰ পৰা আজিৰ পৰ্যায় কিদৰে পালে সেই সকলো সন্নিবিষ্ট কৰা হৈছে ভিডিঅ'টোত। ২০১৮ বৰ্ষলৈ কেনেদৰে সমগ্ৰ বিশ্বকে যিকোনো তথ্য লাভ কৰাৰ বাবে সহায় কৰি আহিছে গুগ'লে সকলো বিষয় অন্তৰ্ভূক্ত কৰিছে এই ভিডিঅ'ত।
উল্লেখ্য যে, ১৯৯৫ চনত আৰম্ভ হৈছিল এই মাৰ্কিন কোম্পানীটো। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দুই স্নাতক লেৰী পেজ আৰু ছাৰ্জে প্ৰিনে আৰম্ভ কৰিছিল বিশ্বক নতুন ৰূপ দিবলৈ সমৰ্থ হোৱা এই প্ৰতিষ্ঠানটো।