/asomiyapratidin/media/media_files/2024/12/01/IPl56NJ6GN7Z79XICGKt.jpg)
ডিজিটেল ডেস্ক : কৰ্মচাৰী ভৱিষ্যত নিধি অৰ্গেনাইজেছনৰ হিতাধিকাৰীসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে। শ্ৰম মন্ত্ৰালয়ে এক বিবৃতিযোগে জনাই যে ই পি এফ অ’ৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড চমুকৈ ই টি এফ বিনিয়োগৰ ৰিডেম্পচন নীতিত অনুমোদন জনাইছে।
কৰ্মচাৰীসকলে ইটিএফৰ পৰা পোৱা ৫০% ৰিডেম্পচনৰ ধন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগত পুনৰ বিনিয়োগ কৰা নীতিত অনুমোদন জনাইছে। নীতি অনুসৰি এই ধনৰাশি ন্যূনতম ৫বছৰৰ বাবে ৰখাৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে। আনহাতে বাকী ৰাহি হোৱা ধনৰাশি চৰকাৰী ছিকিউৰিটি আৰু কৰ্পৰেট বণ্ডত বিনিয়োগ কৰা হ’ব বুলি প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে ই পি এফ আঁচনি, ১৯৫২ৰ সংশোধনীৰ বাবেও ব’ৰ্ডে অনুমোদন জনাইছে। এই আঁচনিৰ অধীনৰ নীতিৰ জৰিয়তে হিতাধিকাৰীসকলৰ আৰ্থিক লাভ হ’ বুলি মন্ত্ৰালয়ে বিবৃতিত উল্লেখ কৰে।
ইয়াৰ উপৰি চি বি টিয়ে কেন্দ্ৰীয় চৰকাৰক ই পি এফ অ’ ক্ষমা আঁচনি ২০২৪ৰ পৰামৰ্শ দিয়াৰ কথাও উল্লেখ কৰে। এই আঁচনিখনে নিয়োগকৰ্তাসকলক শাস্তি বা আইনী প্ৰতিক্ৰিয়াৰ সন্মুখীন নোহোৱাকৈ অতীতৰ অমান্যতা বা অমান্যতা স্বেচ্ছাই প্ৰকাশ আৰু শুধৰণি কৰিবলৈ প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰে।