সু-খবৰ: ১৩ জানুৱাৰীত বাৰাণসীৰ পৰা গুৱাহাটীলৈ 'এম ভি গংগা বিলাস'....

দেশৰ পৰ্যটন ক্ষেত্ৰত আন এক নতুন সংযোজন। বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী যাত্ৰাক সামৰিবলৈ ইতিমধ্য সাজু হৈছে দেশৰ এখন উন্নতমানৰ বিলাসী জাহাজ।

author-image
Asomiya Pratidin
New Update
সু-খবৰ: ১৩ জানুৱাৰীত বাৰাণসীৰ পৰা গুৱাহাটীলৈ 'এম ভি গংগা বিলাস'....

'এম ভি গংগা বিলাস'

ডিজিটেল ডেস্ক: দেশৰ পৰ্যটন ক্ষেত্ৰত আন এক নতুন সংযোজন। বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী যাত্ৰাক সামৰিবলৈ ইতিমধ্য সাজু হৈছে দেশৰ এখন উন্নতমানৰ বিলাসী জাহাজ। এই বিলাসী জাহাজখনে ৩২০০ কিলোমিটাৰ বাৰানসীৰ পৰা ডিব্ৰুগড়লৈ যাতায়ত কৰিব। 'এম ভি গংগা বিলাস'ৰ জৰিয়তে দেশৰ পবিত্ৰ গংগা নদীৰ সৈতে সংযোগ হব অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ।

Advertisment

উল্লেখ যোগ্য যে, বাৰানসৰ পৰা ৫১ দিনৰ পাছত বহুকেইখন ৰাজ্য পাৰহৈ আহিব এই বিলাসী জাহাজখনে। যাৰ ফলত জাহাজখনত যাত্ৰা লাভ কৰা যাত্ৰী সকলে দেশৰ বিভিন্ন ঐতিহ্য ক্ষেত্ৰ সমূহ পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হ'ব। বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যান, নদীঘাট, বিহাৰ, পাটনা, ঝাৰখণ্ড, পশ্চিমবংগৰ কলকাতা, বাংলাদেশৰ ঢাকা, অসমৰ গুৱাহাটীকে ধৰি বহু কেইখন চহৰ ভ্ৰমণ কৰিবলৈ সুবিধা লাভ কৰিব যাত্ৰী সকলে। 'এম ভি গংগা বিলাস'ৰ দৈৰ্ঘ্য হৈছে ৬২ মিটাৰ, প্ৰস্থ ১২ মিটাৰ।

'এম ভি গংগা বিলাস'ৰ যাতায়তৰ মূল উদ্দেশ্য হ'ল গংগা-ব্ৰহ্মপুত্ৰৰ সভ্যতাৰ সংযোগ কৰা। ইয়াৰ জৰিয়তে দেশৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন হ'ব। বহু যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ বাট মুকলি হ’ব এই ব্যৱস্থাৰ জৰিয়তে। অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰখনতো যথেষ্ট অৰিহনা যোগাব এই 'এম ভি গংগা বিলাস'ৰ যাত্ৰাই। লক্ষ্যণীয় বিষয় যে, দেশৰ ২৭ খন নদী পাৰ হৈ আহিব 'এম ভি গংগা বিলাসে'।

ইফালে, পাণ্ডুত ১৩ জানুৱাৰীত জাহাজ মেৰামতি কাৰখানা মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এতিয়াৰ পৰা অসমৰ জাহাজ মেৰামতিৰ বাবে যাব নালাগিব কলিকতালৈ । নতুন ৰেল আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জলপথৰ যোগাযোগ সন্দৰ্ভতো বিশেষ ব্যৱস্থা ১৩ জানুৱাৰীত মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু লগতে একেটা দিনতে 'Skill Development Centre for North East'মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

জাহাজখনে যাত্ৰা আৰম্ভ কৰাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়- 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত জনতাই সফলতা আৰু মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছে । উত্তৰ-পূবৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। যাৰ ফলত উত্তৰ-পূব ভাৰতৰ আন ৰাজ্যৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্ৰস্তুত হৈছে । ২০২১৪ লৈ 'Look east policy' ঘোষণাতে সীমাবদ্ধ আছিল । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এক্ট ইষ্ট নীতিৰ জৰিয়তে উত্তৰ-পূব আগবাঢ়িছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য উদাহৰণ হল ১৩ জানুৱাৰীত হ'বলগীয়া 'এম ভি গংগা বিলাস'ৰ যাতায়ত।'

আৰু পঢ়ক: জাতি-জনগোষ্ঠীৰ মহামিলনৰ তীৰ্থত পৰিণত হ’ল চৰাইদেউ মহোৎসৱ বাকৰি...

assam tourist national assam