জিঅ’ৰ গ্ৰাহকৰ বাবে সুখবৰ

জিঅ’ৰ গ্ৰাহকৰ বাবে সুখবৰ

author-image
asomiyapratidin
New Update
জিঅ’ৰ গ্ৰাহকৰ বাবে সুখবৰ

ডিজিটেল ডেস্কঃ ৰিলায়েন্স জিঅ' গিগা ফাইবাৰ ব্ৰডবেণ্ডৰ পঞ্জীয়নৰ কাম আৰম্ভ হ'ব ১৫ আগষ্টৰ পৰা। ৰিলায়েন্স ইণ্ড্ৰাষ্টিছৰ অধ্যক্ষ মুকেশ আম্বানীয়ে এই কথা সদৰী কৰিছে।

কোম্পানীটোৰ ৪১ সংখ্যক বছৰেকীয়া সভাত অংশ গ্ৰহণ কৰি তেওঁ কয় যে, জিঅ'ৰ ফিক্স লাইন ব্ৰডবেণ্ড সেৱা জিঅ' গিগাফাইবাৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে।

উল্লেখযোগ্য যে, এই সেৱাৰ পূৰ্বৰ নাম আছিল 'জিঅ' ফাইবাৰ'। ভাৰতত মুঠ ১১০০খন চহৰত এই সেৱা উপলব্ধ হ'ব। এই সেৱাৰ সৈতে থাকিব গিগা টিভি, ছেট-টপ বক্স।

ইয়াৰ জৰিয়তে গ্ৰাহকে ভিডিঅ' ক'ল আৰু মোবাইল সেৱাৰ লগতে গিগা টিভিৰ সেৱাও লাভ কৰিব। আম্বানীয়ে জানিবলৈ দিয়া মতে, এই সেৱাত আল্ট্ৰা হাই ডেফিনেশ্যন, এণ্টাৰটেইমেণ্ট টিভি, ভইচ এক্টিভেটেড এছিছটেন্স, ভাৰস্যুৱেল ৰিয়েলিটি গেম, ডিজিটেল শ্বপিঙৰ সুবিধা থাকিব।

১৫ আগষ্টৰ পৰা গ্ৰাহকে এই সেৱাৰ বাবে 'মাই জিঅ এপ'ৰ জৰিয়তে নিজৰ নাম পঞ্জিয়ন কৰিব পাৰিব। লক্ষণীয় যে, পঞ্জীয়নৰ বাবে গ্ৰাহকে কোনো মাচুল দিব নালাগে।