কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা গুৰুত্বপূূৰ্ণ খবৰ....

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বৃহৎ অংকৰ চিকিৎসা বিলৰ নামত দীঘলীয়া কাগজ-পত্ৰৰ জটিল প্ৰক্ৰিয়া পাৰ হ’ব নালাগে।

author-image
Asomiya Pratidin
New Update
grtgreterte4erer

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বৃহৎ অংকৰ চিকিৎসা বিলৰ নামত দীঘলীয়া কাগজ-পত্ৰৰ জটিল প্ৰক্ৰিয়া পাৰ হ’ব নালাগে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চিকিৎসাৰ বিল পৰিশোধৰ চিলিং সীমা ৫ লাখৰ পৰা ১০ লাখ টকালৈ বৃদ্ধি কৰিছে। 

নতুন সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা মন্ত্ৰালয় বা বিভাগসমূহৰ মুৰব্বীসকলে ১০ লাখ টকা পৰ্যন্ত চিকিৎসা প্ৰতিদানৰ দাবী পোনপটীয়াকৈ অনুমোদন কৰিব পাৰিব। ১৬ ফেব্ৰুৱাৰীত জাৰি কৰা office memorandumত স্বাস্থ্য মন্ত্ৰালয়ে কয়, “এই সন্দৰ্ভত বিষয়টো পুনৰ পৰীক্ষা কৰি আই এফ ডিৰ পৰামৰ্শ অবিহনে মন্ত্ৰালয়/বিভাগৰ বিভাগৰ মুৰব্বীসকলে চিকিৎসা বিল পৰিশোধৰ বাবে বৰ্তমানৰ চিলিং সীমা ৫ লাখ টকাৰ পৰা ১০ লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।”

যদি নিৰ্দিষ্ট চৰ্তসমূহ পূৰণ কৰা হয়, তেনে এই ক্ষেত্ৰত পূৰ্বতে যেনেকৈ Integrated Finance Division (IFD)-ৰ পৰামৰ্শ ল’ব লাগিছিল, সেই বাধ্যবাধকতা এতিয়া ১০ লাখ টকা পৰ্যন্ত দাবীৰ ক্ষেত্ৰত নাথাকিব। এই সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে চিকিৎসা ব্যয় প্ৰক্ৰিয়া সহজ কৰাৰ লগতে সময় বচাব বুলি ধাৰণা কৰা হৈছে।

চৰকাৰী কৰ্মচাৰী