/asomiyapratidin/media/media_files/2025/03/29/tSCj0O3Y5pqVVKRUK6Rv.jpg)
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে চৰকাৰে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কৰ্মচাৰীসকলৰ ডি এ ভাট্টা বৃদ্ধি কৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। একেদৰে পেঞ্চনাৰসকলৰ ডি আৰ বৃদ্ধিৰ সন্দৰ্ভতো কৰা আলোচনাৰ অন্তত এক সিদ্ধান্তত উপনীত হয়।
সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাৱেন্স চমুকৈ ডি এৰ হাৰ ২শতাংশ বৃদ্ধিত অনুমোদন জনাইছে কেবিনেটে। একেদৰে পেঞ্চনাৰসকলৰ ডিয়াৰনেছ ৰিলিফ চমুকৈ ডি আৰৰ ক্ষেত্ৰতো সমসংখ্য হাৰ বৃদ্ধি কৰাত অনুমোদন জনাইছে।
উল্লেখযোগ্য যে ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৪৮.৬৬ লাখ কৰ্মচাৰী আৰু ৬৬.৫৫ লাখ পেঞ্চনাৰ উপকৃত হ’ব। এই পুনৰীক্ষণৰ জৰিয়তে ডি এ ৫৩%ৰ পৰা ৫৫%লৈ বৃদ্ধি পাব, যাৰ ফলত প্ৰত্যাশিত ৮ম দৰমহা আয়োগৰ পূৰ্বে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ সুবিধা হ’ব।