ডিজিটেল সংবাদ,কাৰ্বি আংলংঃ সেউজীয়া কাৰ্বি পাহাৰৰ সোণালী জয়ন্তী বৰ্ষ গৰকা এখন কাৰ্বি গাঁও । সোণালী জয়ন্তী গৰকা গাঁওখনৰ নাম হ'ল বাঁহনি আদৰ্শ ।
১৯৫৮ চনত প্ৰতিষ্ঠা লাভ কৰা গাঁওখনত আৰম্ভণিৰে পৰা বৰ্তমানলৈকে কাৰ্বি সম্প্ৰদায়ৰ পৰিয়ালৰ লোকে বসবাস কৰি আহিছে । তাৰ সমান্তৰালকৈ অতীজৰে পৰা ধৰি ৰাখিছে কাৰ্বি জাতিৰ পৰম্পৰা । ধৰি ৰাখিছে পৰম্পৰাগত সাচ-পোচাক, ৰীতি-নীতি, গীত-মাত, খেল-ধেমালিসহ বিভিন্ন দিশ ।
এইবেলি কাৰ্বি আংলঙৰ বকলীয়াঘাট এলেকাৰ বাঁহনি আদৰ্শ গাঁৱৰ তিনি শতাধিক কাৰ্বি পৰিয়াল লগ হৈ অনুষ্ঠিত কৰিছে আদৰ্শ গাঁওখনৰ সোণালী জয়ন্তী বৰ্ষ । আদৰ্শ গাঁৱত এতিয়া দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত উৎসৱমুখৰ পৰিৱেশ । ইতিমধ্যে এই কাৰ্যসূচী সফল কৰি তুলিবলৈ ৰাজু তেৰাঙক সভাপতি আৰু বিজয় হাঞ্চেক সম্পাদক হিচাপে লৈ গঠিত সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শক্তিশালী আদৰণি সমিতিখনে সুদীৰ্ঘ দিনৰে পৰা বাঁহনি আদৰ্শ গাঁৱৰ খেলপথাৰত ব্যাপক প্ৰস্তুতিৰে সজাই পৰাই তোলা পৰিলক্ষিত হোৱাৰ লগতে চাৰিটাকৈ আকৰ্ষণীয় ছেল্ফি জ'ন গঢ়ি তোলে ।
অনুষ্ঠানত কাৰ্বি সম্প্ৰদায়ৰ কণ-কণ শিশু, কিশোৰ-কিশোৰীসহ যুৱক-যুৱতী, পুৰুষ - মহিলা আৰু গাঁৱৰ বয়োজেষ্ঠ সকলে অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে, অনুষ্ঠানৰ প্ৰথম দিনাৰ কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা লাংফেৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি মধুৰাম লেকথেৰ লগতে কেইবাগৰাকীও গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি কাৰ্যসূচীৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।