Advertisment

মাজগাঁৱত ৰাসলীলাৰ সোণালী জয়ন্তী : ভাওনা চাবলৈ অগণন ভক্তৰ ভিৰ

সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে ভাওনাকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৰাসলীলাত। ভক্তৰ উপস্থিতিয়ে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বৃহত্তৰ অঞ্চলটোত

author-image
Asomiya Pratidin
New Update
ভাওনা

ডিজিটেল সংবাদ, চিলাপথাৰ : 

Advertisment

সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে ভাওনাকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৰাসলীলাত। ভক্তৰ উপস্থিতিয়ে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বৃহত্তৰ অঞ্চলটোত। ইয়াৰোপৰি ভাওনা চাবলৈ অগণন ভক্তই ভিৰ কৰা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৩ নবেম্বৰৰ পৰা আৰম্ভ হৈছে আঞ্চলিক ৰাস মহোৎসৱৰ সোণালী জয়ন্তী মহোৎসৱ। বৃহস্পতিবাৰে, দ্বিতীয় দিনা অগণনন ভক্তৰ উপস্থিতিত সম্পন্ন হয় ভাওনা।
ৰাসোৎসৱৰ দ্বিতীয় দিনটোৰ পুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচীৰ পিছতে সন্ধিয়া আৰম্ভ হয় "ৰাম পৰাজয় আৰু সীতাৰ পাতাল গমন" শীৰ্ষক ভাওনা। ভাওনা উদ্ধোধন কৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জীত শইকীয়াই। 

আনহাতে ভাওনাৰ শৰাই আগবঢ়াই বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী নন্দীগিৰি ভূঞাই। ভূঞাই ৰাস মন্দিৰৰ সৈতে জড়িত জ্ঞাত- অজ্ঞাত কৰ্মকৰ্তাৰ লগতে গৌৰৱোজ্বল সোণালী জয়ন্তী মহোৎসৱৰ আয়োজকসকলক কৃতজ্ঞতা জনায়।

ৰাস পূৰ্ণিমা ভাওনা ৰাস মহোৎসৱ ৰাস