ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ  বৰ্ণাঢ্য কাৰ্যসূচী

উজনি মাজুলীৰ অন্যতম শিক্ষাৰ বুনিয়াদ স্বৰূপ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিগত বৰ্ষত গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে ৷ বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰ শেষত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হৈছে

author-image
Asomiya Pratidin
New Update
ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ  বৰ্ণাঢ্য কাৰ্যসূচী

ডিজিটেল সংবাদ, মাজুলী : উজনি মাজুলীৰ অন্যতম শিক্ষাৰ বুনিয়াদ স্বৰূপ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিগত বৰ্ষত গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে ৷ বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰ শেষত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হৈছে ৷  

এই উপলক্ষে পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণেৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছত পুৱা ৭-৩০ স্মৃতি তৰ্পণ , ৮ বজাত গছপুলি ৰোপণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ভূপেন শইকীয়াই । একেদৰে ৮:৩০ বজাত  পতাকা উত্তোলন কৰে সোনালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি ঋষভ মহন্তই ৷

এই পতাকা উত্তোলনৰ সমান্তৰালভাৱে মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা ৫০ গৰাকী বিশিষ্ট ব্যক্তিয়ে ৫০ খনকৈ পতাকা উত্তোলন কৰে  ৷ ৯:৩০ বজাত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ আনুষ্ঠানিক পঞ্জীয়ন সম্পন্ন হোৱাৰ পিছতেই তেওঁলোকৰ আৰ্থিক অনুদানেৰে নিৰ্মাণ কৰি উলিওৱা অতি ব্যয়বহুল বিদ্যালয়ৰ মূল তোৰণৰ শুভ উদ্ধোধন কৰি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দিলীপ কুমাৰ ফুকনে সকলো ছাত্ৰ-ছাত্ৰীৰ বৰঙনিৰ শলাগ লয় ৷

তোৰণ নিৰ্মাণ সমিতিৰ সম্পাদক দুৰ্লভ দাসে আঁত ধৰা তোৰণৰ শুভউদ্ধোধনী অনুষ্ঠানতে তোৰণ নিৰ্মাণ সমিতিয়ে প্ৰকাশ কৰা পৰিপূৰিকা "সোণালী স্বাক্ষৰ" উন্মোচন কৰি প্ৰাক্তন ছাত্ৰ দুলুকুমাৰ খাউণ্ডে সকলোকে কৃতজ্ঞতা জনোৱাৰ লগতে বিদ্যালয়খনত পঢ়ি থকা দিনবোৰ ৰোমন্থন কৰি ভাষণ প্ৰদান কৰে ৷ এই শুভউদ্ধোধনী অনুষ্ঠানত যোগেশ্বৰ বৰুৱা , যোগেশ্বৰ বৰা আৰু বোদ্ধেশ্বৰ খাউণ্ড বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কৃষ্ণৰাম বৈৰাগী , অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্গেশ্বৰ শইকীয়াই মন্তব্য আগবঢ়ায় ৷ 

ইফালে পৰিপূৰিকা ' সোণালী স্বাক্ষৰ'ৰ মুখ্য সম্পাদক প্ৰশান্ত কুমাৰ মহন্ত, সম্পাদক গোবিন কুমাৰ খাউণ্ড আৰু দুৰ্লভ দাসৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা এই 'সোণালী স্বাক্ষৰে'  বিদ্যালয়খনৰ ইতিহাস ধৰি ৰখাত সহায় কৰিব উপস্থিত সকলোৱে   মন্তব্য কৰে ৷ ইয়াৰ পিছতেই অনুষ্ঠিত দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা  বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ দিলীপ কুমাৰ ফুকনে শুভ উদ্ধোধন কৰে ৷

প্ৰাক্তন শিক্ষৰ্থী সমাৰোহৰ সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ তথা ফুলনি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেশ্বৰ বৰাই ৷  এই সমাৰোহত বিশেষ বক্তা হিচাপে উপস্থিত থাকি যোৰহাট বাহনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অজিৎ বৰা আৰু মাধৱদেৱ মহাবিদ্যালয়ৰ পঞ্জীয়ক ড° ক্ষীৰপদ দত্তই 'শিক্ষানুষ্ঠানৰ সামগ্ৰীক উন্নয়ণত প্ৰাক্তন শিক্ষাৰ্থীৰ কৰণীয় ' শীৰ্ষক বিষয়ত আলোকপাত কৰি বিদ্যালয় এখনৰ শৈক্ষিক দিশ, আন্তগাঠনিৰ ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ল'ব লগা বহুখিনি ব্যৱস্থাৰ ওপৰত বক্তব্য আগবঢ়ায়  ৷  

ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ  বৰ্ণাঢ্য কাৰ্যসূচী

ইফালে সভাত আদৰণি ভাষণ প্ৰদান কৰে প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ঋষেশ্বৰ হাজৰিকাই ৷ ইয়াৰ পিছতেই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহী অনুষ্ঠান প্ৰাক্তন শিক্ষাৰ্থীৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ গোবিণ কুমাৰ খাউণ্ডে আঁত ধৰা মন পৰশা  অনুষ্ঠানটোত জেষ্ঠ , কনিষ্ঠ সকলো প্ৰাক্তন ছাত্ৰছাত্ৰীয়ে বিদ্যালয় খনত অধ্যয়ন কৰি থকা সময়ৰ স্মৃতি ৰোমন্থন কৰি আপোন পাহৰা হৈ পৰা পৰিলক্ষিত হয় ৷

আনহাতে সন্ধিয়া প্ৰাক্তন শিক্ষাৰ্থীৰ দ্বাৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে বুলি উদযাপন সমিতিৰ সম্পাদক বিপুল শইকীয়া আৰু জীৱন শইকীয়াই আমাক জানিবলৈ দিয়ে  ৷ ইফালে দেওবাৰৰ দ্বিতীয় দিনাৰ শেষৰ দিনা অৰ্থাৎ ৬ এপ্ৰিলৰ পুৱা ৯ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শুভাযাত্ৰাৰ কাৰ্যসূচীৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ হ'ব ৷

এই  শোভাযাত্ৰা কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰিব বিশিষ্ট মুখাশিল্প ,পদ্মশ্ৰী ড° হেমচন্দ্ৰ গোস্বামীয়ে ৷ দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিতব্য মুকলি সভাৰ শুভ উদ্ধোধন কৰিব জোনাকী ছমহীয়াআটি আৰ্দশ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱেন্দ্ৰ দেৱ গোস্বামীয়ে ৷

উদযাপন সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঋষভ  মহন্তৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁই ৷ সন্মানীয় অতিথি হিচাপে স্থানীয় বিধায়ক ভুৱন গাম , মাজুলীৰ আয়ুক্ত ৰাতুলচন্দ্ৰ পাঠক উপস্থিত থকিব ৷

এই মুকলি সভাতেই বিদ্যালয়খনৰ দাপোন স্বৰূপ দেৱজিৎ খাউণ্ড আৰু যোগেন হাজৰিকাৰ সম্পাদনাত প্ৰকাশ কৰা  স্মৃতি গ্ৰন্থখনৰ উন্মোচন কৰিব উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই ৷ সভাখনত বিশিষ্ট অতিথি হিচাপে মাজুলীৰ বিদ্যালয় সমুহৰ পৰিৰ্দশক লাপিকা বুঢ়াগোহাঁই , জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° কমলাকান্ত দত্ত , ঢকুৱাখনাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাকে প্ৰমুখ্যে কৰি বিভিন্ন জন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

মাজুলী