ৰাষ্ট্ৰীয় কুংফু প্রতিযোগিতাত জিছান আহমেদৰ তৃতীয়টো স্বর্ণ জয়

ৰাষ্ট্রীয় প্রতিযেগিতাত অসম দলৰ হৈ শিৱসাগৰৰ জিছান আহমেদে চাব-জুনিয়ৰ শাখাত ৪৫ কেজি ওজনত সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হয়। ২০২৩ চনত নাগালেণ্ডত (ডিমাপুৰ) ৰাষ্ট্ৰীয় প্রতিযোগিতাত, ২০২৪ চনত অসমত (গুৱাহাটী) অনুষ্ঠিত ৰাষ্ট্ৰীয় প্রতিযোগিতাত সোণৰ পদক অর্জন কৰিছিল।

author-image
Asomiya Pratidin
New Update
aSa

ডিজিটেল সংবাদ, শিৱসাগৰ: পশ্চিমবংগৰ দার্জিলিঙত অনুষ্ঠিত হৈ যোৱা নৱম সংখ্যক ৰাষ্ট্ৰীয় কুংফু প্রতিযোগিতাত বিভিন্ন ৰাজ্যৰ ৪৫০ জন প্রতিযোগীয়ে যোগদান কৰিছিল। এই ৰাষ্ট্রীয় প্রতিযেগিতাত অসম দলৰ হৈ শিৱসাগৰৰ জিছান আহমেদে চাব-জুনিয়ৰ শাখাত ৪৫ কেজি ওজনত সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হয়।

Advertisment

ইয়াৰ পূৰ্বতে ২০২৩ চনত নাগালেণ্ডত (ডিমাপুৰ) ৰাষ্ট্ৰীয় প্রতিযোগিতাত, ২০২৪ চনত অসমত (গুৱাহাটী) অনুষ্ঠিত ৰাষ্ট্ৰীয় প্রতিযোগিতাত সোণৰ পদক অর্জন কৰিছিল।

একেৰাহে ২০২৩, ২০২৪ আৰু ২০২৫ চনত ৰাষ্ট্ৰীয় কুংফু প্রতিযোগিতাত সোণৰ পদক অর্জন কৰা জিছান আহমেদ শিৱসাগৰ চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

শিৱসাগৰ