ডিজিটেল ডেস্কঃ দেৱালীত যদিহে সোণ কিনাৰ কথা ভাৱি আছিল, তেন্তে সেই আশা বাদ দিয়ক নহলে আপোনাৰ বাজেট বৃদ্ধি কৰক। কিয়নো সোণৰ দামবৃদ্ধিয়ে দিনক দিনে অভিলেখৰ পাছত অভিলেখ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, এই বৰ্ষত সোণৰ দাম প্ৰায় ২২শতাংশ বৃদ্ধি পাইছে। বিগত তিনিমাহত সোণৰ মূল্য ১০হাজাৰ টকাকৈ বৃদ্ধি হোৱাৰ তথ্য পোহৰলৈ আহিছে।
এনে পৰিস্থিতিত ধনতেৰাছ আৰু দেৱালীৰ সময়ত সোণৰ মূল্য ৮০হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ২০২০ৰ পাছত সোণৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এয়া আটাতকৈ দ্ৰুতগতিত হোৱা মূল্যবৃদ্ধি।
ইফালে বৰ্তমান আই বি জে এৰ ৱেবচাইটত প্ৰকাশ কৰা তথ্য অনুসৰি, আজিৰ দিনত ২৪কেৰেট শুদ্ধতাযুক্ত সোণৰ মূল্য প্ৰতি ১০গ্ৰামত হৈছেগৈ ৭৭,৩৩২টকা। গতিকে এনে দিশৰ পৰা দেৱালী আৰু ধনতেৰাছত যে, সোণৰ মূল্যই ৮০হাজাৰৰ ঘৰ অতিক্ৰম কৰিব সেয়া নিশ্চিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us