‘চকীদাৰ চোৰ হ্যে’- ৰাহুল গান্ধীৰ শ্লোগানক সমৰ্থন কৰা নাছিল জ্যেষ্ঠ কংগ্ৰেছীয়ে ! গোলাম নবী আজাদৰ বিস্ফোৰণ…

‘চকীদাৰ চোৰ হ্যে’- ৰাহুল গান্ধীৰ শ্লোগানক সমৰ্থন কৰা নাছিল জ্যেষ্ঠ কংগ্ৰেছীয়ে ! গোলাম নবী আজাদৰ বিস্ফোৰণ…

author-image
asomiyapratidin
New Update
‘চকীদাৰ চোৰ হ্যে’- ৰাহুল গান্ধীৰ শ্লোগানক সমৰ্থন কৰা নাছিল জ্যেষ্ঠ কংগ্ৰেছীয়ে ! গোলাম নবী আজাদৰ বিস্ফোৰণ…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ দল ত্যাগ কৰা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদৰ এক মন্তব্যই লাভ কৰিছে বিশেষ চৰ্চা। সোমবাৰে সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত আজাদে কয় যে- ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীৰ বিপক্ষে চকীদাৰ চোৰ হে শীৰ্ষক অভিযানৰ দ্বাৰা বহু প্ৰাক্তন কংগ্ৰেছীক বিচলিত কৰাৰ চেষ্টা কৰিছিল।

Advertisment

উল্লেখ্য যে ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছতে তেতিয়াৰ সভাপতি ৰাহুল গান্ধীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল। এই সন্দৰ্ভত গোলাম নবী আজাদে অভিযোগ কৰি কয় যে, পদত্যাগ অনুষ্ঠানত ৰাহুলে কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাক উদ্দেশ্যি কৈছিল তেওঁৰ হেনো কিছুমান কাম কৰোতে জ্যেষ্ঠ নেতাসকলৰ প্ৰতিৰোধৰ সন্মুখীন হৈছিল। যাৰ বাবে তেওঁৰ কাম কৰাত অসুবিধা হৈছিল। আনকি ৰাহুলৰ চকীদাৰ চোৰ হ্যে' অভিযানো একাংশ জ্যেষ্ঠ কংগ্ৰেছীয়ে সমৰ্থন কৰা নাছিল বুলি পদত্যাগৰ সময়ত উল্লেখ কৰিছিল।

লগতে আজাদে কয় যে- ৰাহুল গান্ধীৰ দৰে তেওঁ ৰাজনীতিৰ স্বাৰ্থত  কাকো ব্যক্তিগত আক্ৰমণ কৰাৰ কথা কল্পনা কৰিব নোৱাৰে। আজাদে অতীত ৰোমণ্ঠন কৰি কয় যে- মই ইন্দিৰা গান্ধীৰ সময়ত ৰাজনীতিৰ শিক্ষা লৈছিলো। সেই সময়ত মই কনিষ্ঠ মন্ত্ৰী আছিলো।

এবাৰ ইন্দিৰা গান্ধীয়ে মোলৈ ফোন কৰি কৈছিল যে- অটল বিহাৰী বাজপেয়ীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থাকিবলৈ। নেতাই নেতাৰ প্ৰতি থকা আন্তৰিকতা চাওক। ইন্দিৰা গান্ধীয়ে আমাক বিৰোধী নেতাসকলৰ প্ৰতি সন্মান বজাই ৰাখিবলৈ শিক্ষা দিছিল ।

তেওঁ কয়- ৰাহুল গান্ধীয়ে শিকোৱাৰ দৰে দেশৰ প্ৰধানমন্ত্ৰী এগৰাকীক ৰাজহুৱাভাৱে প্ৰধানমন্ত্ৰী চোৰ হে বুলি ক'বলৈ শিক্ষা দিয়া নাছিল ইন্দিৰা গান্ধীয়ে। গোলাম নবী আজদে কৰা এই মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

rahul gandhi congress india golam nabi azad