নিৰ্দোষী বুলি পতিয়নগৈ আৰক্ষীয়ে মুকলি কৰি দিলে ৩ যুৱ কংগ্ৰেছৰ নেতাক

মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কাৰ্যত নিৰ্দোষী সাব্যস্ত কৰি গোলাঘাট আৰক্ষী প্ৰশাসনে তেওঁলোকক মুকলি কৰি দিয়ে। অন্যহাতে প্ৰতিবাদস্থলিত উপস্থিত নথকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক পল্লৱ চেতিয়াক আটক কৰি আনিছিল যদিও গোলাঘাট আৰক্ষীয়ে তেওঁক মুকলি কৰি দিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, গোলাঘাট: গৰুখুটিৰ গীৰ গাই কেলেংকাৰী আৰু দুগ্ধ উন্নয়নৰ ৰাজ সাহাৰ্য্য প্ৰকৃত হিতাধিকাৰীক বিতৰণ নকৰি স্বজন-তোষণ কৰাৰ অভিযোগত সোমবাৰে গোলাঘাট নগৰত জিলা যুৱ কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছিল।

Advertisment

সেই সময়ত মুখ্যমন্ত্ৰীৰ কনভয়লৈ শীতল পানীয়ৰ বটল নিক্ষেপ কৰাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে যুৱ কংগ্ৰেছীক আটক কৰা বুলি বাতৰি সম্প্ৰচাৰ হৈছিল। অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক পাৰ্থ সাৰথি বৰা, গোলাঘাট জিলা যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি ৰূপান্তৰ তাঁতী, সাধাৰণ সম্পাদিকা তৃষ্ণা চুতীয়া আৰু ৰাহুল শইকীয়াক গোলাঘাট আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আটক কৰিছিল।

কিন্তু মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কাৰ্যত নিৰ্দোষী সাব্যস্ত কৰি গোলাঘাট আৰক্ষী প্ৰশাসনে তেওঁলোকক মুকলি কৰি দিয়ে। অন্যহাতে প্ৰতিবাদস্থলিত উপস্থিত নথকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক পল্লৱ চেতিয়াক আটক কৰি আনিছিল যদিও গোলাঘাট আৰক্ষীয়ে তেওঁক মুকলি কৰি দিয়ে।

গোলাঘাট